প্রতিষেধক প্রদানতো বিৰুদ্ধাচৰণ : প্ৰতিটো কথাতে বিৰোধ মানে দেশৰ অমংগল – গোপাল জালান

pc RAND Corporation

প্রতিষেধক প্রদানতো বিৰুদ্ধাচৰণ : প্ৰতিটো কথাতে বিৰোধ মানে দেশৰ অমংগল

গোপাল জালান
গুৱাহাটী, অসম

ভাৰতত ক’ভিড- ১৯ৰ প্ৰতিষেধক প্ৰদানৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ওপৰত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ। কাৰণ ১৭ ছেপ্টেম্বৰৰ দিনটোতে সমগ্ৰ দেশতে ২.৫০ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰি ভাৰতে বিশ্ব অভিলেখ গঢ়িলে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ স’তে সংগতি ৰাখি আয়োজন কৰা মেগা প্রতিষেধক প্রদান কাৰ্যসূচী সফল হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী মানসুখ এল মানডাভিয়াই ঘোষণা কৰাৰ পাছতে ভাৰতে গঢ়িলে বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে এদিনতে ১.২৫ লাখ লোকক ক’ভিড ১৯ৰ প্ৰতিষেধক প্ৰদানৰ অভিলেখ আছিল চীনৰ। ভাৰতত প্ৰথম ৮৫ দিনত ১০ কোটি লোকক প্রতিষেধক প্রদান কৰিছিল। ২০ কোটিৰ ঘৰ প্ৰৱেশ কৰিবলৈ প্ৰয়োজন হ’ল ৪৫ দিনৰ। আনহাতে ২৯ দিনত ৫০ কোটি লোকক প্রতিষেধক প্ৰদান কৰাৰ বিপৰীতে শেহতীয়াভাৱে শুকুৰ্বাৰ (১৭ ছেপ্টেম্বৰ)ৰ দিনটোৰ আগলৈ ১৩ দিনত ৭০ কোটিয়ে এনে সুযোগ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ১৭ ছেপ্টেম্বৰত মাত্ৰ এদিনতে ২.৫০ কোটি লোকক প্রতিষেধক প্রদানৰ দ্বাৰা কেৱল বিশ্ব অভিলেখেই নহয়— দেশৰ জনগণৰ মনত আশাৰ সঞ্চাৰো কৰিছে।

যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এই দিনটোত ইমানসংখ্যক প্রতিষেধক প্ৰদান কৰা হ’ল— এয়া পিছে কোনো দলীয় কার্যসূচী নাছিল। বিশ্ব অভিলেখেৰে প্ৰতিষেধক প্ৰদান কৰা চৰকাৰী কাৰ্যসূচীহে আছিল। বহুতে এয়া বিজেপিৰ এজেণ্ডা বুলি ভাবি অসহযোগ কৰিছে। এয়া ভাল কথা নহয়। যদিও বিজেপিয়ে প্রধানমন্ত্রীৰ জন্মদিনৰ সতে বিভিন্ন সামাজিক কার্যসূচী ৰূপায়ণ কৰিছে, তথাপি একাংশ নাগৰিকে ভুল ভাবি প্রতিষেধক কাৰ্যসূচীও দলীয় কার্য বুলি সন্দেহ কৰি প্ৰতিষেধক লোৱাৰ পৰা আঁতৰি আছে। তদুপৰি যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ নাই সেইবোৰত কালিও আনদিনাৰ দৰেই প্ৰতিষেধক দিয়া হৈছিল। ৰাজ্যসমূহে কেন্দ্ৰৰ আহ্বানৰ প্ৰতি আওকণীয়া মনোভাব গ্রহণ কৰাটোৱে এটা কথা স্পষ্ট কৰিছে যে ভাইৰাছবিধৰ বিৰুদ্ধে নহয় — কেন্দ্ৰীয় চৰকাৰৰহে বিৰুদ্ধাচৰণ কৰিছে। পিছে ক’ভিড- ১৯ত আক্ৰান্তৰ সংখ্যা আৰু মৃত্যু হোৱাৰ পৰিসংখ্যা ক্রমাৎ ঊর্ধ্বগামী হোৱাৰ পাছতো কেইখনমান ৰাজ্যই কেৱল কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্রী মোদীৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ জনসাধাৰণক ভুল পথে পৰিচালিত কৰিছে। সেই ৰাজ্যসমূহৰ চৰকাৰে এনে এক মনোভাব দেখুৱাইছে যেন ভাইৰাছবিধে বিচাৰি বিচাৰি লোকক আক্রমণ কৰে। এটা দলৰ লোকক আক্রমণ কৰিলেও আনটো দলৰ লোকক নকৰিব। সমগ্র বিশ্বতে যিসময়ত প্রতিষেধক প্ৰানত গুৰুত্ব প্ৰদান কৰা হৈছে সেই সময়ত ভাৰ্ত্তত প্রতিষেধকক লৈ একাংশ দলৰ নেতাই ৰাজনীতি আৰম্ভ কৰিছে। তেনে দলে প্রতিষেধক নিদিলেও ক’ব যে চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। আনহাতে চৰকাৰে পদক্ষেপ ল’লেও কয়– এয়া চৰকাৰৰ সাফল্যৰ ঢোল বজাবলৈ গ্ৰহণ কৰা পদক্ষেপ। আনকি অভিলেখ গঢ়াৰ বাবেও তেওঁলোক সুখী নহয়। এনে কৰাটো উচিত হৈছে জানো?

ক’ভিড- ১৯ৰ বিৰুদ্ধে চৰকাৰে দিয়া যুঁজখনক সকলোৱে সমর্থন আৰু সহযোগ কৰিবই লাগিব। তদুপৰি প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে যদি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰে তেনেহ’লে সেয়া ৰাজনীতিৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে নহ’ব। কাৰণ প্রধানমন্ত্রী পদটোক দেশৰ অন্যতম সন্মানীয় পদ হিচাপে গণ্য কৰা হয়। সেইখন আসনত যিকোনো ব্যক্তি উপবিষ্ট হ’ব পাৰে। তেওঁৰ প্রতি শ্রদ্ধা জনোৱাটো দেশৰ নাগৰিকৰ কৰ্তব্য। ইয়াত কোন দলৰ পৰা নিৰ্বাচিত হৈছে সেয়া বিচাৰ কৰাৰ যুক্তি থাকিব নোৱাৰে। কাৰণ প্রধানমন্ত্রীয়ে যেতিয়া কোনো আঁচনি গ্রহণ কৰে তেতিয়া তেওঁ দেশৰ জনগণৰ বাবে কৰে। তাত বিৰোধী দল, বিশেষ শ্রেণীক বঞ্চিত নকৰে। ভাৰতীয় নাগৰিক হিচাপে সকলোৱে অধিকাৰ সাব্যস্ত কৰিব পাৰে। সকলো আঁচনিৰ পৰা সুযোগ ল’ব পাৰে। কোনো ৰাজ্যত বিৰোধী দল থাকিলে যে প্রধানমন্ত্ৰীৰ আহ্বানক আওকাণ কৰিব লাগিব তেনে কোনো ধৰা বন্ধা কথা নাই। য’ত দেশৰ জনগণৰ জীৱন ৰক্ষা, দেশৰ স্বাৰ্থ জড়িত হৈ থাকে তাত বিৰুদ্ধাচৰণৰ নামত বিৰোধ কৰাটোৱে জনমানসত বিরূপ প্রভাৱ পেলাব। জীৱন ৰক্ষাৰ বাবে সকলোৰে প্ৰতিষেধক লোৱাৰ অধিকাৰ আছে। সেই অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়। এয়াই গণতন্ত্ৰৰ ধৰ্ম।