আজিকালি কবিতা লিখিবলৈ এৰি দিলোঁ – শ্ৰী দেৱজিৎ শইকীয়া

pc- The Nature Conservancy

আজিকালি কবিতা লিখিবলৈ এৰি দিলোঁ

শ্ৰী দেৱজিৎ শইকীয়া
মাজুলী

মোৰ চকুত উচুপে প্ৰেয়সী চন্দ্ৰপ্ৰভা
অথচ আজিকালি গুবৰুৱাৰ খলখলনি
(লুটি খায় উৰিবলৈ কৰা কাৰচাজি)
কেনেকৈ কবিতা লিখোঁ!!

মোৰ নাকত আগৰ দৰে ডকাফুটা গোন্ধ নাই
বাহী বিৰ্যৰ মলঙা গোন্ধত অভ্যস্ত মোৰ কপাল তল।
কেনেকৈ কবিতা লিখোঁ!!

মোৰ জিভাই সেউজীয়া গো-গ্ৰাসে গিলিব পাৰে
যেনেকৈ মেঘে গিলে জোন
লোলুৎস্যু মোৰ তিয়নীয়ে কেনেকৈ কেঁচাই খায়
কামাখ্যাৰ কেচেমা প্ৰসাদ?
অথচ মই কবি?
কপালত আঁকিব লাগে হিমন্ত!
কেনেকৈ কবিতা লিখোঁ!!

মোৰ ছালৰ ৰন্ধই শুঙি ফুৰে
উঁইয়ে খোৱা আলমাৰিৰ অৱশিষ্টতাক
অথচ এতিয়া বানপানীত উটি অহা মেটেকাত
কেনেকৈ কলম খেলাওঁ!!

মোৰ কাণত গৰগৰাই থাকে
ৰিক্সাত অচিনাকী বান্ধৱীৰ লগত ফুৰিবলৈ যোৱা।
ধোকা দি ৰখাই থোৱা মোৰ সেই শিৰা- উপশিৰা।
এতিয়া ইলেকট্ৰিকৰ তাঁৰত প্ৰেমৰ বাবে চৰায়ে মাতে
হিন্দু নে মুছলমান !
কেনেকৈ কবিতা লিখোঁ?

ইহঁতক লিজত দি মই সুখেৰে খাৱ পাৰোঁনে শব্দ
সেয়ে আজিকালি মই কবিতা লিখিবলৈ এৰি দিলোঁ।।