“বৰ্তিকা মাথো এটি মায়া”- ৰমণ ৰাজ

pc pexels

“বৰ্তিকা মাথো এটি মায়া”

ৰমণ ৰাজ

 

দেবেন চলিহাৰ মুখত কলা ডাৱৰে আৱৰি ৰখাৰদৰে
সেমেকা-সেমেকি চকুৰে দেৱালত ফুলৰ মালাৰে ওলমি থকা পত্নীৰ ফটোখনৈ চাই
দীঘল হুমনীয়া কাঢ়ি কথা পাতিবলৈ ল’লে—

বৰ্তিকা, কিয় তুমি মোক অকলশৰীয়া কৰি দুৰ দিগন্তলৈ গুচি গ’লা ?
তোমাৰ অকণো বেয়া নালাগিলনে মোলৈ ?
তুমি অবিহনে যে মোৰ হৃদয়খন এটা বৃহৎ শূণ্য, সেই কথা এবাৰো নাভাবিলানে ?

বৰ্তিকা,তুমি যোৱাৰ পিছত
প্ৰায়ে মাজ নিশা মোৰ দুচকুত সপোন হৈ আহা, আৰু সেই সপোন ভাঙি এন্ধাৰ ৰাতি
তোমাক বিচাৰি মই হাহাকাৰ কৰো। কিন্তু, ক’ত পাম তোমাক—তুমিযে এতিয়া মাথো মায়া, মোৰ হৃদয়ৰ অজান দ্বীপত সৰি পৰা এটা ভগ্ন টুকুৰা।

বৰ্তিকা, আমাৰ জীৱনলৈ উপহাৰ হিচাপে অহা
মাইনাৰ মুখত কথা আখৈ ফুটাদি ফুটিছে।

তাইযে কেতিয়াবা বেজাৰতে
মা– যাম, মা– যাম কৰে।
তেতিয়া জানানে ?
মোৰ চকুৰে চকুলো নিগৰি আহে। কাক মা বুলি তাইক চিনাকী দিম ?
কাৰ কোলাত তাইক মা বুলি আকোৱালি দিম ?

তেতিয়া, বিজুলী-ধেৰেকণীৰ সৈতে শিল-বতাহ আহি কঁপাই যোৱাৰ দৰে মোৰো হৃদয়খন কপি উঠে, চকুৱে আন্ধাৰ দেখে,মুখখন বাকৰুদ্ধ হৈ পৰে।

বৰ্তিকা, মাইনাক আইতাকৰ কোলাতে তোমাৰ ঠাইকণ দাছো। প্ৰতিটো সময়তে আইতাকক মা–মা– বুলি পৰিচয় কৰাইছো।

অ ‘ আৰু এটা কথা—
বৰ্তিকা, তুমি পালন কৰা গাইজনীয়ে পোৱালী এটা দিছে আৰু সেই গাইজনীৰ গাখীৰেই খোৱায় মাইনাক জীয়াই ৰাখিছো।

তাতকৈ ডাঙৰ কথা কি জানানে —-গাইজনীৰ গাখীৰ খালে তাই নাকান্দে, অধিক আগ্ৰহেৰেই পান কৰে।
তাই চাগে সেই গাখীৰতেই তোমাক বিচাৰি পায়,
তাই চাগে সেই গাখীৰতেই
তোমাৰ গোন্ধ পায়।

বৰ্তিকা, আজিলৈ বহুত কথাই ক’লো—-মনৰ মাজত ভেঁটি ধৰা কথাবোৰ আজি পাৰ ভাঙি তোমালৈ বোৱাই দিলো।
গধুৰ মনটো পাতল কৰি অলপ শান্তনা ল’লো।

বৰ্তিকা, মনে তোমাক বহুত বিচাৰে অ’
তুমি নাই বুলি জানিওঁ অবুজ মনে তোমাক বিচাৰি হাহাকাৰ কৰে।