ভেৰগাঁ‌ও আঞ্চলিক আছাৰ উদ্যোগত ষষ্ট বাৰ্ষিক কৰম উৎসৱ উদযাপন

ভেৰগাঁ‌ও আঞ্চলিক আছাৰ উদ্যোগত ষষ্ট বাৰ্ষিক কৰম উৎসৱ উদযাপন

ওদালগুৰি, অমৰজিৎ ৰাভা, বাৰ্ত্তাসেৱা – হয় !! বিটআৰ ওদালগুৰি জিলা ভেৰগাঁ‌ওতো শনিবাৰে ভেৰগাঁ‌ও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা (আছাৰ) উদ্যোগত কৰম উৎসৱ উদাযাপন কৰাৰ পৰিলক্ষিত হয়। উল্লেখ্য যে “”কৰম উৎসৱ”” আদিবাসী সম্প্ৰদায়ৰ লোক সকলে কৃষিৰ লগত সংগতি ৰাখি ৰাইজৰ অপায় অমংগল দূৰ কৰিবৰ কাৰণে প্ৰতিবছৰে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত উদযাপন কৰি আহিছে। যাৰ পৰিপেক্ষিতত শনিবাৰে ওদালগুৰি জিলা ভেৰগাঁ‌ওতো ভেৰগাঁ‌ও আঞ্চলিক আছাৰ উদ্যোগত ষষ্ট বাৰ্ষিক কৰম উৎসৱত কেইটামান বিশেষ কাৰ্যসূচীৰে, পুৱা ৭ বজাৰে পৰা পতাকা উত্তোলন, কৰম ধ্ব্জ উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে ভেৰগাও আছা কাৰ্যালয় সুভউদ্ধোধনক আগত ৰাখি দিনযোৰা কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা দেখা যায়। আৰু উক্ত উৎসৱৰ লগত সংগতি ৰাখি ভেৰগাঁ‌ও আছা কাৰ্যালয়ৰ সুভ উদ্ধোধনত উদ্ধোধক হিচাপে ভেৰগাঁ‌ও চাহ বাগিচাৰ পৰিচালক নৱ প্ৰকাশ বৰা উপস্থিত থাকি কৰম উৎসৱৰ সুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভেৰগাঁ‌ও আঞ্চলিক আছা কাৰ্যালয়তো দীৰ্ঘায়ু কামনা কৰে।