শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ চৌহদত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

pc Facebook
শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ চৌহদত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ
অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৱিত্ৰ ভাদ মাহ উপলক্ষে যোৰহাট জিলাৰ টীয়কৰ চটাইস্থিত বৈকুণ্ঠথলী শ্ৰীশ্ৰীআউনীআটী সত্ৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগলৰ কামনাৰে গুৰু আসনত সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে সেৱা আগবঢ়োৱাৰ লগতে সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰক সাক্ষাৎ কৰি আশিস গ্ৰহণ কৰে। লগতে শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ আধ্যাত্মিক শিক্ষাৰ নিৰ্মল বন্তি জ্বলাই ৰখাৰ উদ্দেশ্যে এই চৌহদত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ নিৰ্মাণত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। এই দৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীৰ সতীৰ্থ মন্ত্ৰীদ্বয় ক্ৰমে ডাঃ ৰণোজ পেগু আৰু শ্ৰীযোগেন মহন, মাননীয় সাংসদদ্বয় ক্ৰমে শ্ৰীতপন কুমাৰ গগৈ আৰু শ্ৰীকামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন বিধায়ক মাননীয় শ্ৰীৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে।
(UD.)