আবেলিৰ ৰঙ- ৰাজলক্ষ্মী বৰঠাকুৰ

আবেলিৰ ৰঙ

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট

বেলি লহিয়াৰ পৰত ,
নাৱৰীয়াই নাওঁ মেলি দিছিল
বৰ -লুইতৰ বুকুত,
নাওঁখনে যাত্রা পথত গতি লওঁতে
বুঢ়া লুইতৰ যেন খং উঠিছিল
নাৱৰীয়াৰ হাতৰ মুঠি ঢিলা হৈ পৰিছিল ,
ভয়ত আতুৰ মানুহৰ চিঞৰত
লুইতৰ বুকু কঁপি উঠিছিল
হাঁহি বোৰ কান্দোনত পৰিণত হৈছিল
হেৰাই গৈছিল জীৱনৰ ৰঙ
আবেলিৰ ৰদ জাকে
লুইতৰ পানীত মৃত্যুৰ ৰহণ সানিছিল।