এজন অচিনাকি ডাক্তৰৰ মহানতা – অদিতি বৰুৱা ঠাকুৰ

pc The Quint

এজন অচিনাকি ডাক্তৰৰ মহানতা

অদিতি বৰুৱা ঠাকুৰ

জীৱনৰ বিভিন্ন সময়ত বা বিভিন্ন বয়সত এজন চিকিৎসকৰ প্ৰয়োজন হোৱাৰ শংকা থাকে, প্ৰকৃততে চিকিৎসক এজনৰ প্ৰয়োজন নোহোৱাকৈ কাৰো জীৱনেই পাৰ হৈ নেযায়। সেয়ে তেওঁলোকক কোনো কোনো মূহুৰ্তত ভগৱানৰ আখ্যাই দিয়া হয়। অৱশ্যে বৰ্ত্তমান সময়ত কিছু অবিবেচক লোকৰ ক্ষণিকৰ উত্তেজনাৰ ফলত বহু চিকিৎসকে লাঞ্চনা ভোগ কৰিবলগীয়া হৈছে, আনকি প্ৰাণ বিসৰ্জনো দিছে। ই অতি পৰিতাপৰ কথা। চিকিৎসক এজন কেনেকৈ ‘ভগৱান’ হৈ পৰে তাৰ এক ব্যক্তিগত অভিজ্ঞতা সোনালী সোৱঁৰণী হৈ আমাৰ মনত জিলিকি আছে। বৰ্তমানৰ চিকিৎসক নিগ্ৰহৰ ঘটনাবোৰ সঘনে প্ৰচাৰ হৈ থকাৰ সময়ত এনেকুৱা কথাবোৰৰো প্ৰচাৰ নিশ্চয় থাকিব লাগে। কাৰণ এইবোৰ মন পোহৰাই তোলা খবৰ।

কেইবছৰমানৰ আগতে হৰিদ্বাৰলৈ গৈছিলো , হৰিদ্বাৰৰ পৱিত্ৰ গংগাৰ পাৰত পৰিয়ালৰ হৈ কিছু ক্ৰিয়া-কৰ্মৰ মানস কৰি থৈছিলো। ৰাজধানী এক্সপ্ৰেচত জী-জোঁৱাই, নাতিনীৰে সৈতে বেচ আনন্দৰেই দিল্লীলৈ গৈ প্ৰথমতে নাতিনীৰ হেপাঁহৰ বাবেই আগ্ৰাৰ তাজমহল চাবলৈ ওলালো, নাতিনীৰ উলাহে নধৰা হিয়া, কাৰণ তাইৰ তাজমহল দৰ্শনৰ  আশা পূৰ হ’ব। অতি সুকলমে তাজমহল দৰ্শন সম্পন্ন কৰি ওভতনিৰ যাত্ৰাত আমাক এক অভাৱনীয় বিপদে ঘেৰি ধৰিলে। নাচি-বাগি ফূ্ৰ্তি কৰি যোৱা ছোৱালীজনীৰ হঠাৎ পেটৰ  অসুখ আৰম্ভ হ’ল। দীঘলীয়া যাত্ৰাটোৰ ভাগৰুৱা অৱস্থাৰ বাবেই এনে হৈছে বুলি ধৰি লৈ লগত নিয়া দৰৱ দিলো। পিছদিনা আমাৰ হৰিদ্বাৰ যাত্ৰা – প্ৰকৃততে হৰিদ্বাৰৰ যাত্ৰাটোহে আমাৰ বাবে অধিক জৰুৰী আছিল। ইতিমধ্যে পেটৰ অসুখে কিছু দুৰ্বল কৰি তোলা নাতিনীৰ হৰিদ্বাৰ পাঁওগৈ মানে অসুখ বাঢ়ি গৈ বমি আৰু জ্বৰেও লগ ল’লে। অকস্মাৎ আহি পৰা এই বিপদে আমাৰ অৱস্থা কাহিল কৰি তুলিলে। গোটেই ৰাতি অসংখ্যবাৰ বমি পায়খানা কৰি থকা অকনমানি ছোৱালীজনীক লৈ হৰিদ্বাৰৰ হোটেলত কটোৱা সেই উজাগৰী ৰাতিটোৰ স্মৃতিয়ে আমাক আজিও কাতৰ  কৰে। পুৱা গংগাৰ পাৰত কৰিবলগীয়া বৈদিক কৰ্মখিনি সম্পন্ন কৰি আমি দিল্লীলৈ উভতিলো। দিল্লীৰ মেক্স চুপাৰ স্পেচিয়েলিতি হস্পিতালত এজন চিনাকি ডাক্তৰ আছে- ডা০ সৌমিক ভট্টাচাৰ্য্য – দিল্লী গৈ পালেই তেওঁৰ লগত যোগাযোগ কৰিবলৈ সিদ্ধান্ত ল’লো। পিচে হৰিদ্বাৰ দিল্লী ওচৰ বাট  নহয়, বিপদৰ সময়ত এই বাট  অধিক দীঘল হৈ পৰে। যিয়েই নহওক, দিল্লীত সোমায়েই সৌমিকলৈ ফোন কৰিলো, তেওঁ জনালে যে সেইদিনা তেওঁৰ ‘ডিউটি’ নাই, কিন্তু অন্য এজন শিশু ৰোগ বিশেষজ্ঞৰ ওচৰত তেওঁ আমাৰ হৈ ‘এপইন্টমেন্ট’ লৈ দিলে। অলপ যেন সকাহ পালো। ইতিমধ্যে নাতিনীৰ অৱস্থাৰ দ্ৰুতভাৱে অৱনতি ঘটিছে। সম্পূৰ্ণৰূপে লেবেজান হৈ মাত কথা বন্ধ হোৱাৰ উপক্ৰম হৈছে। তেনে অৱস্থাতে আমাৰ গাড়ী গৈ মেক্সৰ সমুখত ৰ’লগৈ। প্ৰায় চৌব্বিশ ঘন্টা অসুখীয়া ছোৱালীক কোলাত লৈ আমাৰ আটাইৰে অৱস্থা কাহিল, মেক্সৰ বিশাল বিল্ডিং আৰু ৰাজকীয় আদৱ- কায়দা দেখি ভয়তে বিতত্ হ’লো। অবিন্যস্ত চুলি, সাজ-পাৰেৰে এইহেন বিশাল চৌহদটোত সোমাবলৈকে যেন ভয় লাগিল। মূল গে’টৰ মুখতে চিকিউৰিটিয়ে টান মাতেৰে সুধিলে-

–‘এপইন্টমেন্ট’ আছে ?

–আছে।

–কোন ডাক্তৰ ?

–নামটো ক’লো। দুগুণে গহীন সুৰত তেওঁ ঘোষণা কৰিলে—-

–মেক্সত বেমাৰী  দেখুৱাবলৈ আহিছে , হেল্থ ইনচিওৰেঞ্চ আছে নে নাই ? চাব আকৌ লুটি  পেলাব। আমাৰ সকলোৰে দুৰ্বল চেহেৰা দেখি তেওঁ ভয়েই খুৱালে নে সতৰ্কই কৰিলে বুজি নেপালো, তথাপিও মৰসাহ কৰি ভিতৰ সোমালো আৰু প্ৰথমতেই লগ পোৱা ৰিচিপচনিষ্ট গৰাকীৰ ওচৰত হিচাবৰ পইচা দি নাম লিখালো আৰু ৰছিদখনো ল’লো।

            তেনেতে এটা দৈৱ ঘটনা ঘটিল।

            ভিতৰ ফালৰ পৰা সুদৰ্শন চেহেৰাৰ ডাক্তৰ এজন ওলাই আহি ৰিচিপচনিষ্ট গৰাকীক ইংৰাজীতে কোৱা শুনিলো, “ইয়ালৈ এতিয়া অসমৰ পৰা পাৰ্টি এটা আহিব, পইচা নল’বা আৰু চিধাই মোৰ কেবিনলৈ পঠিয়াই দিবা”।   আমাৰ কথাই কৈছে বুলি বুজিব পাৰি আগবাঢ়ি গৈ চিনাকি দিলো। পিচে ইতিমধ্যে আমাৰ পৰা লোৱা ফিজৰ বিনিময়ত ৰছিদখন কাটি দিয়াৰ বাবে ঘূৰাই দিবলৈ অসুবিধা হব বুলি কোৱাত তেখেতে দৃঢ় মাতেৰে ৰিচিপচনিষ্ট গৰাকীক ক’লে, – “সেইটো মই থিক কৰিম, তোমাৰ চিন্তাৰ বিষয় নহয়”। প্ৰথম দৰ্শনতে ডাক্তৰজনৰ ব্যৱহাৰত আচৰিত হ’লো। ডাক্তৰে নাতিনীক নিজৰ কেবিনলৈ লৈ গ’ল। আমিবোৰ ক্ষন্তেক পিছতহে সোমাব পাৰিলো।  এইবাৰ দ্বিতীয় বাৰৰ বাবে  আমাৰ আচৰিত হোৱাৰ পাল। কিছু সময়ৰ আগলৈকে থিয় হ’ব নোৱাৰা, কান্ধৰ পৰা মূৰেই ডাঙিব নোৱাৰা ছোৱালীজনী হাতত পুতলা এটা লৈ চকীখনত বহি আছে। নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান হ’ল। ডাক্তৰে আমাক বুজাই ক’লে যে কিবা প্ৰকাৰে দূষিত পানী বা অন্য কিবা খোৱা বস্তু তাইৰ পেটলৈ গৈ বিষক্ৰিয়া কৰিলে আৰু শেষত গেষ্ট্ৰ’এন্টাৰাইটিছ নামৰ ঘাটক বেমাৰটোৰ ৰূপ লৈ অকনমানি ছোৱালীজনীৰ অৱস্থা ভয়ংকৰ কৰি তুলিলে। ই অতি মাৰাত্মক ৰোগ, ইয়াৰ পৰিণাম কিমান ভয়াবহ সেই কথাও বুজাই দিলে। আৰম্ভণিতে উপযুক্ত দৰৱ পালে অৱস্থা ইমান গুৰুতৰ নহ’লহেতেন। আমি ডাঙৰবোৰো যে কিছু অসাৱধান হ’লো সেই কথাও ক’বলৈ নেপাহৰিলে। ডাক্তৰে এজন অভিজ্ঞ চিকিৎসকৰ পৰিচয়েৰে তাৎক্ষণিকভাৱে কাম কৰাকৈ উপযুক্ত দৰৱ দি তাইক কিছু সুস্থ কৰিলে। সম্পূৰ্ণৰূপে ডিহাইড্ৰেছন হোৱাৰ ফলতে তাই ইমানকৈ ভূগিব লগীয়া হ’ল। এক যাদুকৰী হাতৰ পৰশ আৰু সঠিক দৰৱে আমাক এক ভয়ংকৰ দুঃচিন্তাৰ পৰা সকাহ দিলে, সোমাবলৈকে ভয় কৰা মেক্স হস্পিতালৰ প্ৰতি, মাত্ৰ এজন মানুহৰ বাবেই, আমাৰ ধাৰণাই সলনি হৈ গ’ল। অচিন ঠাইত দৰৱবোৰ কিনিবলৈ অসুবিধা হ’ব বুলি ভাবি তেখেতে আমাক দৰৱ দিয়াৰ উপৰিও অসুবিধা হ’লেই ফোন কৰিব পৰাকৈ ব্যক্তিগত মোবাইল নম্বৰটোও দিলে। এইখন হস্পিতালত এনেকুৱা ডাক্তৰো থাকে ! ইমান সংকটৰ মাজতো এক অপূৰ্ব সুখানুভূতিৰে মন ভৰাই ওলাই আহিলো। সৌমিকক ফোন কৰি সকলো কথা জনালো। প্ৰকৃততে তেওঁৰ বাবেহে মেক্সৰ দৰে দামী হস্পিতালত এজন অভিজ্ঞ চিকিৎকক দেখুৱাব পাৰিলো। তাতোকৈও আচৰিত কথা, এটা পইচাও খৰচ নহ’ল। এখন অচিন ঠাইত, হঠাতে আহি পৰা অভাৱনীয় দুৰ্যোগ এটাৰ পৰা অচিনাকী ডাক্তৰ এজনে আমাক যি যাদুৰে উদ্ধাৰ কৰিলে, সেয়া আচলতে “মিৰাক্কল” বুলিয়েই ক’ব পাৰি। ডাঃ চন্দ্ৰশেখৰ সিংহ নামৰ গুৱাহাটীৰ এই ডাক্তৰজনৰ মেক্স হস্পিতালৰ এই বিশেষ ঘটনাটোৰ কথা মনত আছে নে নাই নেজানো, কাৰণ এনে ধৰণৰ অসংখ্য ৰোগী তেখেতে লগ পায়। কিন্তু হৰিদ্বাৰ যাত্ৰাৰ সেই বেদনাময় সোঁৱৰণী আৰু ডাঃ সিংহৰ অতুলনীয় উপকাৰ আমাৰ মনত চিৰদিনলৈ সঞ্চিত হৈ ৰ’ল। এনে ধৰণৰ অভিজ্ঞতা লাভ কৰাৰ পিচত ডাক্তৰ নিগ্ৰহৰ বাতৰিবোৰে স্বাভাৱিকতে আমাক বহুতকে আঘাট দিয়ে। বহুতে কয়ে,”God cannot be everywhere, so He sent the doctors with excellence and selflessness” – কথাষাৰ আমাৰ বাবে বিশ্বাসযোগ্য হৈ পৰে।