ৰৈ ৰৈ বাজিব – বনজিত দাস

PC Vikaspedia - Education

ৰৈ ৰৈ বাজিব   

 বনজিত দাস 
ৰিহাবাৰী , বজালী

 দূৰৈৰ বাঁহীটি বাজে
টিহিতি পেঁপাটি মাতে
নিজান বনৰ সুৰ হৈ ভাহে
চেনাইৰ পাতত সৰালে সোঁৱৰণীৰ বাট
জানোছা হিয়া ভঙা মাত
কাৰ বেদনাত লগাই উজুতি
নেদেখা ৰঙৰ উকমুকনি ।
ফাগুনে দি গ’ল উৰুঙা ৰঙৰ সঁফুৰা সিঁচি
পলাশৰ বিষাদ তেজ ৰঙা ৰিক্ত হাঁহি
পছোৱাই দিলে সেমেকা চকুলোৰ
হেৰোৱা দিনৰ উপহাস ।
এয়াতো ৰঙালীয়ে আনে চেনাইৰ উন্মনা বাতৰি
বৰদৈচিলাৰ আউলি-বাউলি হৈ
সৰাপাতৰ উচুপনি সোঁৱৰণী বুটলি
আইৰ জুহালৰ ঢেঁকীটোত নাই উলাহ উৎসাহ
আগলি বতৰা ।
কেনেকৈ উজলাই নাচনীৰ খোপাত গুজি
স্মৃতিৰে তিয়াই কপৌ পাহি
তথাপি বাজিব বিহুত বিহু-ঢোল
টিহিতি মাতে বাজিব পেঁপাটি
ৰৈ ৰৈ বিনাব বুকুৰ মাজেদি
উতলোৱা চেনাইৰ বাঁহীৰ মাত
গানৰ মাজতে
সুলকিব হিয়াৰ আঁত
ৰৈ ৰৈ বাজিব গানেই অনা গান
নিৰলা ঘৰত উজলিব তাৰেই গান
আইৰ চোতালত বিহুৰ গান
বহাগত সমন্বয়ৰ বিহুৰেই বান
অসমীয়াৰ স্বাভিমান ।