ৰীল-ৰিয়েল– ববিতা বৰা

ৰীল-ৰিয়েল

পঞ্চাশ,পাচপন্ন….এশ দুই..এশ সাতাইশ…

ইমানবোৰ কন্টেক নম্বাৰৰে ভৰি আছে হোৱাটচ্ এপটো তাতে কিবা এটা উদ্দ্যেশত পূৰনি বন্ধু বান্ধৱীক সামৰি গ্ৰুপটো খোলাৰে পৰা আৰু‌ বাঢ়ি গৈছে মোৰ হোৱাটছ এপ নম্বৰৰ তালিকাখন।
ভিন্ন ষ্টেটাচৰে ভৰি থকা হোৱাটচএপত পিছে নাহে একো এটা সুখ-দুখৰ বাৰ্তা।
দুই,দহ,পঞ্চাশ,সত্তৰ….
এটা এটাকৈ নম্বৰবোৰ ডিলিট কৰি গʼলো,এতিয়া ষ্টেটাচ শূন্য,বাৰ্তাবাকচ আগৰে পৰাই ৰিক্ত।
দুদিনৰ পিছত দেখিলো গ্ৰুপৰ পৰা এটা এটাকৈ বন্ধুবোৰ হৈছে লেফ্ট…।
সেইদিনা লক্ষ্য কৰিলো,যান্ত্ৰিকতাৰ পৰা বহু দূৰৰ বাসিন্দা বৃদ্ধ কেইজনমানে তেওঁলোকৰ‌ লেফ্ট হোৱা পূৰণি বন্ধুৰ সমাধিৰ ওচৰত বহি চকুলো টুকিছে।
অন্তৰ ধিয়াই কান্দিছে,ৰোমন্থন কৰি অতীত ছবি।
এইফালে,
মোৰ ভাৰ্চুৱেল বন্ধুবোৰে মোৰ সমাধিত বহি ফটো উঠিছে।
 ‘Feeling sad’ ৰ Emoji..with আমুক-তমুক বুলি ষ্টেটাচত মোৰ ফটো দি লাইক,কমেন্টৰ সংখ্যা ঘনাই চাইছে।
বি:দ্ৰ:চচিয়েল মিডিয়াত বন্ধুৰ তালিকাখন সময়ত বাঢ়ি গৈ আছে।
একেহাৰত  প্ৰকৃত বন্ধুত্বৰ তালিকাখন গৈ আছে কমি ক্ৰমান্বয়ে.. ক্ৰমান্বয়ে।
ববিতা বৰা