ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৭৩সংখ্যক গণৰাজ্য দিৱস

p.c Tv9 Bharattvarsh

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৭৩সংখ্যক গণৰাজ্য দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৭৩ সংখ্যক গণৰাজ্য দিৱস। দেশৰ অন্যান্য ৰাজ্যৰ সমান্তৰাল ভাৱে অসমবাসীয়ে কোৱিড প্ৰট’কল মানি উদযাপন কৰিছে গণৰাজ্য দিৱস। গুৱাহাটী খানাপাৰাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ’ল গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান। উক্ত অনুষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলন কৰে ৰাজ্যপাল জগদীশ মূখীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সহিতে তেওঁৰ পৰিয়ালবৰ্গ। আনহাতে নলবাৰীতো উদযাপন কৰা হ’ল গণৰাজ্য দিৱস। নলবাৰীত পতাকা উত্তোলন কৰে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যোৰহাটত পতাকা উত্তোলন কৰিলে মন্ত্ৰী অতুল বৰাই। গোৱালপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বঙাইগাঁৱত পতাকা উত্তোলন কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰু ডিব্ৰুগড়ত মন্ত্ৰী কেশৱ মহন্তই উত্তোলন কৰিলে ত্ৰিৰংগা পতাকা। আনহাতে তিনিচুকীয়া জিলাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত দেশৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক ৰাষ্ট্ৰধ্বজ উত্তোলন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই। এনেদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত মন্ত্ৰী সকলৰ উপস্থিতিত দেখা গ’ল দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন।