ৰাজ্যৰ উচ্চ মাধ্যমিক আৰু নিম্ন প্ৰাথমিক শিক্ষকলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

Pc- Jobin Assam

ৰাজ্যৰ উচ্চ মাধ্যমিক আৰু নিম্ন প্ৰাথমিক শিক্ষকলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্যৰ উচ্চ মাধ্যমিক আৰু নিম্ন প্ৰাথমিক শিক্ষকলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা। ৰাজ্যৰ ১০ গৰাকী উচ্চ মাধ্যমিক আৰু ৮ গৰাকী নিম্ন প্ৰাথমিক শিক্ষকলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা তালিকা অনুসৰি বঁটা প্ৰাপ্ত শিক্ষকসকল হʼল- উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত মুনীন ভূঞা, জয়ন্ত কুমাৰ দাস, নগেন্দ্ৰ নাথ শালৈ, চন্দন চক্ৰৱৰ্তী, ৰজত চন্দ্ৰ ভৰালী, বৃন্দা ভূঞা, মকবুল হুছেইন, সংগীতা পূজাৰী, অনিল কুমাৰ বৰকটকী আৰু ব্ৰজেন বৰা। একেদৰে নিম্ন প্রাথমিক বিদ্যালয়ৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্রাপ্ত শিক্ষকসকল হ’ল— নকুল কুৰ্মী, ৰুণুমা হাজৰিকা ভৰালী, অশ্বিনী কুমাৰ নাথ, শুক্লেশ্বৰ ডেকা, জয়াৰাণী ৰায়, ৰীতা বৰদলৈ, বিকাশ ৰঞ্জন কালৱাৰ আৰু ৰাণু নেওগ। ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্যৰ শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক পৰ্যায়ৰ শিক্ষক দিৱসৰ অনুষ্ঠানত এই কৃতী শিক্ষকসকলক বঁটা প্ৰদান কৰা হ’ব।

 

 

(RT)