১৭.৫ কোটি টকাৰ ড্ৰাগছ জব্দ যোৰাবাটত

pc- verywell Mind

১৭.৫ কোটি টকাৰ ড্ৰাগছ জব্দ যোৰাবাটত

অনলাইন বাৰ্ত্তাসেৱা- অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও দুষ্টচক্ৰই নতুন নতুন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ চলাই আছে। নতুন নতুন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ চলাই থাকিলেও অসম আৰক্ষীয়ে এনে ধৰণৰ চক্ত উৎখাতৰ বাবে অভিয়ান চলাই আছে। অতি কৌশলেৰে সৰবৰাহকাৰীয়ে ট্ৰাকৰ তেলৰ টেংকিত প্ৰায় ১৭.৫ কোটি টকাৰ লুকুৱাই অনা ড্ৰাগছ জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয়। যোৰাবাটত গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই ২.৫ কলোগ্ৰাম হিৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। যোৰাবাটত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে টেংকিটোত কৌশলেৰে চাবোনৰ কণ্টেইনাৰত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছৰ লগতে দীপক শৰ্মা আৰু জমিম লাল নামৰ দুজন লোকক আটক কৰে।

 

 

(RT)