ৰাজ্যসভাৰ বিৰোধী দলপতি ৰূপে শপত গ্রহণ কৰে মল্লিকাৰ্জুন খাৰ্গেই

ৰাজ্যসভাৰ বিৰোধী দলপতি ৰূপে শপত গ্রহণ কৰে মল্লিকাৰ্জুন খাৰ্গেই

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে কংগ্ৰেছৰ মুৰব্বী মল্লিকার্জুন খাৰ্গেসহ ৰাজ্য সভাৰ নৱ-নিৰ্বাচিত ৮গৰাকী সদস্যই শপত গ্রহণ কৰে। ৰাজ্য সভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে নতুন সদস্যসকলক শপতবাক্য পাঠ কৰোৱায়। বিগত ২৫ জুন তাৰিখে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল শেষ হয় । খৰ্গেৰ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল শেষ হোৱাৰ লগে লগে বিৰোধী দলৰ নেতাৰ পদটোও খালী হৈ পৰে। সোমবাৰে ২৬ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যসভাৰ সদস্য হিচাপে মল্লিকাৰ্জুন খাৰ্গেই শপতগ্ৰহণ কৰে । ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মল্লিকাৰ্জুন খাৰ্গে কৰ্ণাটকৰ পৰা উচ্চ সদনলৈ নিৰ্বাচিত হৈছে । হাতত সংবিধান লৈ তেওঁ  ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনৰ চেম্বাৰত পৃথকে শপতগ্ৰহণ কৰে ৷ ইয়াৰ বিপৰীতে বাকী সাতজন সদস্যই ৰাজ্যসভাত শপতগ্ৰহণ কৰে । শপতগ্ৰহণ কৰা ৰাজ্যসভাৰ নতুন সদস্যসকলৰ ভিতৰত ৬ জন বিজেপিৰ, কংগ্ৰেছ আৰু এনচিপিৰ এজন সদস্য আছে । খাৰ্গে আৰু চুঘৰ উপৰিও আন ছয়জন নতুন সদস্যৰ ভিতৰত আছে- বিজেপি নেতা জিতেন্দ্ৰ মেঘজীভাই কঞ্জৰিয়া আৰু মানসিং মেৰমন পাৰমাৰ (গুজৰাট), এম নাগাৰাজা (কৰ্ণাটক), অধিকাৰীমায়ুম শৰ্দা দেৱী (মণিপুৰ) আৰু অলকা সিং (ৰাজস্থান) আৰু এনচিপি নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন (মহাৰাষ্ট্ৰ) । শপতগ্ৰহণৰ সময়ত অধ্যক্ষৰ কোঠাৰ ভিতৰৰ লগতে সদনত ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশ, সদনৰ নেতা জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল উপস্থিত থাকে ৷ মল্লিকাৰ্জুন খৰ্গে হাতত সংবিধানৰ প্ৰতিলিপি লৈ হিন্দী ভাষাত শপতগ্ৰহণ কৰে । তেওঁ কৰ্ণাটকৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে । উক্ত শপতগ্ৰহণৰ সময়ত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী ,সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা,সাধাৰণ সম্পাদকসকল ক্রমে কে চি বেণুগোপাল, মুকুল ৱাসনিক, জয়ৰাম ৰমেশ আৰু নাচিৰ হুছেইন উপস্থিত থাকে। খৰ্গেৰ পত্নী, কন্যা আৰু স্বামীৰ সৈতে নাতিনীও শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকে।