মুখ্যমন্ত্ৰীক ফোন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্রীয় চৰকাৰ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ ফোনযোগে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ সবিশেষ বুজ লয়। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্রয়োজন হ’লেই কেন্দ্ৰীয় চৰকাৰে অসমক সকলো ধৰণেৰে সহায় কৰিব বুলি জানিবলৈ কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীয়ে উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰ কৰিবলৈকো কয়।সামাজিক মাধ্যমযোগে ড° মুখ্যমন্ত্রী শর্মাই এই কথা উল্লেখ কৰি জানিবলৈ দিয়ে যে ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ফোনযোগে পৰিস্থিতিৰ বুজ লয় আৰু তেওঁক বিতংভাৱে চলিত উদ্ধাৰ, সাহায্য আৰু পুনর্বাসনৰ ব্যৱস্থাৰ বিষয়ে সবিশেষ জনোৱা হয়। এই সংকটময় সময়ত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্রদান কৰে। উল্লেখ্য যে অৰুণাচলত হোৱা অভাৱনীয় বানে ধেমাজি জিলাৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে। এই বানত ডেৰ সহস্রাধিকতকৈও অধিক লোক আক্রান্ত হোৱাৰ লগতে প্রায় দুই হাজাৰ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে।
