শৰৎ: এক স্নিগ্ধ জীৱন-স্পন্দন
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
প্ৰকৃতিৰ চিৰন্তন নিয়মানুসাৰে ঋতুৰাজ বসন্ত, গ্ৰীষ্ম আৰু বাৰিষাৰ ক্ষোভ-উত্তাপৰ অৱসান ঘটাই সুদূৰ আকাশত আঘোণ-কাতিৰ সুবাস কঢ়িয়াই ধৰালৈ ধীৰে ধীৰে নামি আহে মনোৰম শৰৎ। প্ৰকৃতিৰ ছটা ঋতুৰ ভিতৰত শৰৎ ঋতু হৈছে স্নিগ্ধতা, পৱিত্ৰতা, নিৰ্মলতা আৰু অপাৰ সৌন্দৰ্যৰ এক অনন্য মায়াজাল। জেঠ-আষাঢ়ৰ প্ৰচণ্ড উত্তাপ আৰু শাওণ-ভাদৰ কালৰূপী বাৰিষাৰ দুৰ্যোগ, মেঘৰ ভীষণ গৰ্জন আৰু প্লাৱনৰ উত্তাল ঢৌ শান্ত কৰি শৰতে সমগ্ৰ বসুন্ধৰাক এক নতুন, স্নিগ্ধ আৰু শুভ্ৰ সাজেৰে সজাই তোলে। নীলা আকাশৰ বুকুত খণ্ড-খণ্ড ধোঁৱাবৰণীয়া ডাৱৰৰ উমলি থকা দৃশ্য, নিয়ৰৰ কোমল পৰশ, শেৱালিৰ ব্যাকুল সুবাস আৰু কাঁচিয়লি ৰ’দৰ ৰূপালী অলংকাৰেৰে শৰতৰ শুভাগমন ঘটে। অসমৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু কৃষিভিত্তিক জীৱন ধাৰাত শৰতৰ স্থান অতি উৰ্ধত। শৰৎ কেৱল প্ৰকৃতিৰ এটা বিশেষ ঋতুৱেই নহয়, শৰৎ হ’ল মানুহৰ অন্তৰত নতুন আশা, শান্তি আৰু আনন্দৰ সঞ্চাৰ কৰা এক অপূৰ্ব জীৱন-স্পন্দন।
শৰতৰ প্ৰাকৃতিক ৰূপালী সুষমা আৰু সৌন্দৰ্য:- শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে নিজৰ পুৰণি ৰূপ সলাই এক বিৰল আৰু নান্দনিক ৰূপ ধাৰণ কৰে। বাৰিষাৰ কালৰূপী ঘোলা নৈ-বিলবোৰৰ পানী ধীৰে ধীৰে পৰিষ্কাৰ আৰু শান্ত হৈ পৰে। নৈৰ পাৰত, বিলৰ কাষত বতাহৰ মৃদু তালে তালে হালি-জালি থকা কঁহুৱা আৰু কাঁচিয়লি কাচঁফুলৰ শুভ্ৰতাই এক অদ্ভূত নয়নজুৰোৱা দৃশ্যৰ সৃষ্টি কৰে। যেন শুভ্ৰ বস্ত্ৰ পিন্ধি প্ৰকৃতি দেৱীয়ে শৰতক আদৰিবলৈ হেঁপাহেৰে ৰৈ আছে। শৰতৰ আন এক প্ৰধান আকৰ্ষণ হ’ল শেৱালি ফুল। শৰতৰ প্ৰতিটো নিয়ৰৰ কণিকাই তিওৱা ৰাতিপুৱাত গছৰ তলত কাৰ্পেটৰ দৰে সৰি পৰা ৰঙীন ঠাৰিৰ সৈতে বগা শেৱালি ফুলৰ আকুল সুবাসে সমগ্ৰ বাতাবৰণ সুবাসিত কৰি তোলে। পুৱাৰ কোমল ৰ’দৰ পোহৰ যেতিয়া ধানৰ পাতত বা গছ-গছনিৰ পাতত জমা হৈ থকা নিয়ৰৰ কণিকাবোৰৰ ওপৰত পৰে, তেতিয়া সিহঁত মুকুটা মণিৰ দৰে জিলিকি উঠে। শৰতৰ আকাশখন যেন ৰং-তুলিকাৰে অঁকা এক বৃহৎ কেনভাছ। তাত ঘন ক’লা ডাৱৰৰ সলনি ভাঁহি ফুৰে বগা সূতাৰ দৰে মিহি ডাৱৰৰ চপৰা। নিশাৰ আকাশত ধূপ-দীপৰ দৰে জিলিকি থকা জোনাকৰ পোহৰে সমগ্ৰ ধৰাক শ্বেত বস্ত্ৰৰে ঢাকি ৰখাৰ দৰে অনুভৱ হয়। সেয়েহে শৰতৰ জোনাকক ‘কোজাগৰী’ বা ‘জ্যোৎস্নাময়ী’ বুলিও অভিহিত কৰা হয়।
অসমৰ সামাজিক আৰু আধ্যাত্মিক পৱিত্ৰতা:- অসমীয়া সমাজ জীৱনত শৰতৰ আধ্যাত্মিক ভূমিকা অত্যন্ত গম্ভীৰ আৰু অৰ্থপূৰ্ণ। অসমীয়া লোকসংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাৰ সৈতে শৰতৰ এক অবিচ্ছেদ্য সম্পৰ্ক আছে। ভাদ মাহৰ আগমনৰ লগে লগেই অসমৰ গাঁৱে-ভূঁয়ে, নগৰে-শহৰে নামঘৰবোৰত শ্ৰীশ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি পালনৰ লগতে গোটেই মাহজুৰি ভাদমহীয়া নাম-প্ৰসংগৰ সুৰ ধ্বনিত হয়। ধূপ-ধুনাৰ সুবাস, খোল-তালৰ গম্ভীৰ শব্দ আৰু হৰিনামৰ ধ্বনিয়ে সমগ্ৰ অসমৰ আকাশ-বতাহ পবিত্ৰ আৰু মুখৰিত কৰি তোলে। ইয়াৰ পিছতেই শৰতৰ পুৰ্ণিমাত নামঘৰ আৰু সত্ৰসমূহত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অত্যন্ত জাকজমকতাকৈ উদযাপিত হয়। ৰাস মহোৎসৱত শৰতৰ পূৰ্ণিমাৰ জোনাক পোহৰত শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ আধ্যাত্মিক প্ৰেমৰ মিলন ঘটি এক অখণ্ড আনন্দৰ সৃষ্টি হয়। উন্মুক্ত শৰতৰ নিৰ্মল বতাহে নামঘৰৰ কাঁহ-বৰকাঁহৰ শব্দ দূৰ-দূৰণিলৈ কঢ়িয়াই নি মানুহৰ মনবোৰ ভক্তিময় কৰি তোলে।
শাৰদীয় দুৰ্গাপূজা আৰু উৎসব-পাৰ্বণৰ মহত্ত্ব:- শৰৎ কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰে বন্দীত নহয়, ই হ’ল আনন্দ আৰু মহোৎসৱৰ ঋতু। শৰতৰ শুভ্ৰতাই মানুহৰ মনবোৰৰ পৰা মলিনতা আঁতৰাই আধ্যাত্মিক আৰু সামাজিক উছাহেৰে ওপচাই তোলে। এই ঋতুৰ আটাইতকৈ আকৰ্ষণীয় আৰু বিশেষ উৎসৱ হৈছে ‘শাৰদীয় দুৰ্গাপূজা’। শৰতৰ এই পবিত্ৰ সময়ছোৱাতে মহালয়াৰ সূত্ৰপাত ঘটে আৰু চণ্ডীপাঠৰ গম্ভীৰ ধ্বনিয়ে আকাশ-বতাহ মুখৰিত কৰি তোলে। দেৱী দুৰ্গাৰ আগমনক কেন্দ্র কৰি দশোদিশে এক মাংগলিক বাতাবৰণৰ সৃষ্টি হয়। মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাই পৃথিৱীৰ সকলো অশুভ শক্তি, অন্যায় আৰু অন্ধকাৰ বিনাশ কৰি শুভ শক্তি, সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰাৰ চিৰন্তন প্ৰতীক হিচাপে এই পূজা পালন কৰা হয়। পূজাৰ চাৰিওটা দিন – সপ্তমী, অষ্টমী, নৱমী আৰু বিজয়া দশমীত ঢোল-ঢাকৰ আৱাজ, চাকি-ধূপৰ সুবাস আৰু পুষ্পাঞ্জলিৰ মন্ত্ৰোচ্চাৰণে সমগ্ৰ দেশ তথা অসমৰ জনজীৱন আনন্দৰ জোৱাৰেৰে উপচাই পেলায়। ই সামাজিক একতা আৰু সৌহাৰ্দ্যৰো এক অপূৰ্ব মাধ্যম। ইয়াৰ সমান্তৰালভাৱে ধন-ধান্যৰ দেৱী শ্ৰীশ্ৰী লক্ষ্মীপূজা শৰতৰ পূৰ্ণিমা তিথিত অতি নিষ্ঠাৰে পালন কৰা হয়। শৰতৰ শেহতীয়াকৈ অহা কাতি বিহু আৰু দীপান্বিতাৰ পোহৰে সমাজলৈ কল্যাণময় বাৰ্তা কঢ়িয়াই আনে। কাতি বিহুৰ দিনা প্ৰতিখন অসমীয়া ঘৰৰ পদূলিত, তুলসীৰ তলত আৰু পথাৰৰ লখিমী ধাননি ডৰাত ছাকি জ্বলাই সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়।
অসমৰ কৃষি আৰু শৰতৰ সম্পৰ্ক:- অসমৰ গ্ৰাম্য অৰ্থনীতি, লোকজীৱন আৰু কৃষি-সংস্কৃতিৰ মূল ভেটিটোৰ সৈতে শৰতৰ সম্পৰ্ক অতি গভীৰ আৰু সংবেদনশীল। বাৰিষাৰ সংহাৰী বানপানী আৰু ৰৌদ্ৰ-বৃষ্টিৰ কষ্টকৰ দিনবোৰ অতিক্ৰম কৰাৰ পিছত যেতিয়া কৃষকৰ পথাৰবোৰ সেউজীয়া আউনী-ধান আৰু শালি ধানেৰে ভৰি পৰে, তেতিয়া হেৰুৱা সাহস পুনৰ ঘূৰাই পাই কৃষকৰ মন আনন্দ আৰু আশাৰে ভৰি উঠে। পথাৰৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত সেউজীয়া ধাননী পথাৰে শৰতৰ মলয়া বতাহত হালি-জালি যেতিয়া এক অদ্ভূত নান্দনিক ৰূপ ধাৰণ কৰে, তেতিয়া গ্ৰাম্য কৃষকসকলে নিজৰ কষ্টৰ ফল প্ৰাপ্তিৰ ৰঙীন সপোন দেখিবলৈ আৰম্ভ কৰে। শৰতৰ শেষৰ ফালে অৰ্থাৎ কাতি মাহৰ শেষত ধানৰ থোকবোৰ পকিবলৈ আৰম্ভ কৰে আৰু সেউজীয়া পথাৰখন সোণালী ৰূপলৈ ৰূপান্তৰিত হয়। তাৰ লগে লগে খেতিয়কৰ মুখত শ্ৰমৰ সফলতা আৰু আত্মতৃপ্তিৰ অকৃত্রিম হাঁহি জিলিকি উঠে। শৰতেই কৃষকক কাইলৈৰ ভোক নিবাৰণৰ প্ৰতিশ্ৰুতি দিয়ে।
সাহিত্য আৰু সংস্কৃতিত শৰতৰ প্ৰভাৱ:- শৰতৰ এই অনুপম আৰু মায়াবী ৰূপ-ৰসে ভাৰতীয় তথা অসমীয়া সাহিত্য আৰু গীত-মাতৰ ভঁৰাল অতীজৰে পৰা চহকী কৰি তুলিছে। প্ৰাচীন ভাৰতীয় কবি- মহাকবি কালিদাসৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, লুইতকোঁৱৰ পাৰ্বতি প্ৰসাদ বৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কথাশিল্পী লক্ষ্যধৰ চৌধুৰী আদিকে ধৰি অসংখ্য সাহিত্যিক-কবিয়ে শৰতৰ অপূৰ্ব ৰূপৰ বন্দনা কৰি অসংখ্য কাব্য আৰু গীত ৰচনা কৰি গৈছে। শৰতৰ নীলা আকাশ, শান্ত নদীৰ পাৰৰ শুভ্ৰ কাচঁফুল, গছৰ পৰা খহি পৰা শেৱালিৰ পাত আৰু নিয়ৰৰ কণিকাই কবিসকলৰ কল্পনাক সদায় নতুন ৰং প্ৰদান কৰি আহিছে। অসমীয়া গীতৰ বুকুত শৰতৰ জোনাক, শেৱালি আৰু কাঁচিয়লি ৰ’দৰ বৰ্ণনাই এক অনন্য ৰোমান্টিক পৰিৱেশৰ সৃষ্টি কৰিছে। শৰতৰ ৰূপালী ৰাতিটোৱে সাহিত্যিকসকলক আধ্যাত্মিক আৰু নান্দনিক দৃষ্টিভংগীৰে জীৱনক চাবলৈ প্ৰেৰণা যোগায়।
শৰতৰ মানৱীয় আৰু নৈতিক বাৰ্তা:- শৰতৰ প্ৰাকৃতিক পৰিৱেশে মানৱ সমাজলৈ এক অতি গভীৰ নৈতিক আৰু জীৱনমুখী শিক্ষা আগবঢ়ায়। বাৰিষাৰ ঘোলা পানী যেনেকৈ শৰতত পৰিষ্কাৰ আৰু শান্ত হৈ পৰে, ঠিক তেনেকৈ মানুহেও নিজৰ অন্তৰৰ পৰা ক্ৰোধ, হিংসা, বিদ্বেষ, অহংকাৰ আৰু অনীতিৰ ঘোলা চিন্তা আৱৰ্জনাসমূহ ধুই-পখাৰি মুক্ত কৰা উচিত। শৰতৰ শুভ্ৰ কাঁচিয়লি কাচঁফুল আৰু স্নিগ্ধ নিৰ্মল আকাশে আমাক সৰলতা, নিৰহংকাৰী ভাৱ আৰু পৱিত্ৰতাৰ শিক্ষা দিয়ে। ধুমুহা-বৰষুণৰ পিছত শৰতৰ শান্ত ৰূপৰ আগমনে আমাক সোঁৱৰায় যে জীৱনৰ কঠিন পৰীক্ষা, দুখ-কষ্ট আৰু অন্ধকাৰৰ পিছতো এক সুন্দৰ, পোহৰময় আৰু শান্তিপূৰ্ণ পুৱাৰ আগমন অৱশ্যম্ভাৱী। শৰতে আমাক প্ৰকৃতিৰ লগত একাত্ম হৈ জীয়াই থাকিবলৈ আৰু প্ৰতিজন মানুহৰ প্ৰতি মৰম-প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনায়।
সামগ্ৰিকভাৱে চাবলৈ গ’লে, শৰৎ হ’ল শান্তি, পৱিত্ৰতা, সৌন্দৰ্য, আশা আৰু নতুন জীৱনৰ এক মহৎ বাহক। বাৰিষাৰ সংহাৰী দুৰ্যোগ, বোকা-পানী আৰু অশান্তিৰ কঠিন ক্ষণবোৰৰ পিছত শৰতে ধৰালৈ আনি দিয়ে এক অপাৰ স্নিগ্ধ প্ৰশান্তি। ই সমগ্ৰ মানব সমাজক শিকাই যে জীৱনৰ দুখ-কষ্ট, সংঘাত আৰু সংগ্ৰামৰ অন্ধকাৰ অতিক্ৰম কৰাৰ পিছতেই নিশ্চয়কৈ শান্তি, সুখ আৰু পোহৰৰ আগমন ঘটে। শৰতৰ এই বিৰল শুভ্ৰতা, নিৰ্মলতা আৰু সৰলতাই মানুহৰ অন্তৰৰ পৰা প্ৰতিটো সংকীৰ্ণতা, হিংসা আৰু বিদ্বেষ মচি পেলাওক। আমাৰ সমাজখন শৰতৰ ধানী পথাৰখনৰ দৰে সোণালী আৰু শেৱালি ফুলৰ দৰে সুবাসিত হৈ উঠক – সেয়াই শৰতৰ ওচৰত আমাৰ বিনীত আশা আৰু অন্তৰৰ প্ৰাৰ্থনা।
