নৰনাৰায়ণ সেতুত ৰে’লৰ খুন্দাত ২ জনৰ প্ৰাণহানি
ৰঙিলী বাৰ্ত্তাসেৱা- যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । ৰে’লৰ খুন্দাত দুজনকৈ শ্রমিক থিতাতে নিহত হৈছে। লগতে আন দুজন শ্রমিক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। নিহত শ্রমিক দুজন ক্রমে- ৰেজাউল হক আৰু চহৰ আলী বুলি চিনাক্ত হৈছে। নিহত শ্রমিক দুজনৰ ঘৰ যোগীঘোপাৰ কৰেয়া পাহাৰ গাঁৱত। আনফালে গুৰুতৰভাৱে আহত দুজন ক্রমে জাকিৰ হুছেইন আৰু ইয়াৰ আলম বুলি জানিব পৰা গৈছে। দুয়োকে ততাতৈয়াকৈ গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শ্রমিককেইজন ৰে’ল বিভাগৰ অস্থায়ী শ্রমিক আছিল। নৰনাৰায়ণ সেতুত ৰে’লপথেৰে শ্রমিককেইজনে একেলগে খোজকাঢ়ি গৈ আছিল। সেই সময়তে একেলগে দুয়োফালৰ পৰা দুটা ৰে’লপথত দুখনকৈ ৰে’ল আহে। পিছফালৰ পৰা অহা তীব্রবেগী উজনিমুৱা মালবাহী ৰে’ল এখনে খুন্দা মাৰে শ্রমিককেইজনক। ফলত ঘটনাস্থলীতে দুই শ্রমিকৰ মৃত্যু হয়। এই ঘটনাই সমগ্র অঞ্চলতে শোকৰ ছাঁ পেলাইছে। ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইফালে পিছত নিহত শ্রমিককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
