ৰাজ্যলৈ গ’ল্ডেন ট্ৰায়েংগল আৰু গ’ল্ডেন ক্ৰেছেণ্টৰ পৰা আহি আছে ড্ৰাগছ

images are for reprentation purposeonly

ৰাজ্যলৈ দুটা প্ৰান্তৰ পৰা আহি আছে ড্ৰাগছ।গ’ল্ডেন ট্ৰায়েংগল আৰু গ’ল্ডেন ক্ৰেছেণ্টৰ পৰা আহি আছে ড্ৰাগছ।ম্যানমাৰ, লাউচ আৰু থাইলেণ্ড এই তিনিখন দেশৰ সংযোগস্থলীক কোৱো হয় গ’ল্ডেন ট্ৰায়েংগল।আনহাতে পাকিস্তান, আফগানিস্তান আৰু ইৰাণ এই তিনিখন দেশৰ সংযয়োগ স্থলীক কোৱো হয় গ’ল্ডেন ক্ৰেছেণ্ট।এই সমগ্ৰ তথ্য বিধানসভাত উত্থাপন কৰিছে বিধায়ক প্ৰদীপ হাজৰিকাই।কোৰোনাই যিদৰে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছে একেদৰে ড্ৰাগছেও প্ৰভাৱিত কৰিছে। এই মন্তব্য বিধায়কগৰাকীৰ।
আমগুৰি সমষ্টিৰ বিধায়কজনে ড্ৰাগছৰ বিৰুদ্ধে অসমত চলি থকা অভিযানৰ বাবে চৰকাৰক ধন্যবাদ জনালে।চৰকাৰ গঠনৰ মাত্ৰ ২ মাহৰ ভিতৰতে ৩৫০০ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ব্যক্তিক আটক কৰাটো সৰু কথা নহয়।ড্ৰাগছ সৰবৰাহীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত ধনৰ লোভ নকৰা বৰসিং বে’কো শলাগ ল’লে বিধায়কগৰাকীয়ে।বৰসিং বে’ক কনিষ্টিবলৰ চাকৰি প্ৰদান কৰাৰ বাবে ধন্যাবাদ জনালে বিধায়কগৰাকীয়ে।

বিধায়ক প্ৰদীপ হাজৰিকাই আৰু জনাই যে ম্যানমাৰ আৰু ভাৰতৰ মাজত আছে এটা ন’ মেনচ লেণ্ড।এই অঞ্চলতে সন্ত্ৰাসবাদী সংগঠনবোৰ থাকে।এই অঞ্চলত ম্যানমাৰ প্ৰশাসনৰ অধীনত নছলে।এই অঞ্চলত অতি কমেও ১৫ টা সন্ত্ৰাসবাদী সংগঠনে কাৰ্যকলাপ চলাই আছে।এই সন্ত্ৰাসবাদী সংগঠনবোৰৰ ড্ৰাগছৰ লগত সম্পৰ্ক আছে।এই অঞ্চলত থকা দুটা মান সন্ত্ৰাসবাদী সংগঠনে খুলি লৈছে ড্ৰাগছ নিৰ্মাণ কৰা ফেক্টৰি।ইয়াৰ পৰাই ভাৰত আৰু ইউৰোপীয় দেশলৈ ড্ৰাগছ পঠিয়াই সন্ত্ৰাসবাদী সংগঠন কেইটাই।উত্তৰ পূবৰ ড্ৰাগছৰ বৃহৎ বজাৰখন মৰে’ আৰু টাম।ম্যানমাৰৰ সীমান্তৰ টামৰ পৰা ভাৰতীয় সীমান্ত অঞ্চল মৰে’ৰ পৰা মণিপুৰ, নাগালেণ্ডহৈ অসমলৈ আহি আছে ড্ৰাগছ।আনহাতে পাকিস্তান, আফগানিস্তান, ইৰানত সন্ত্ৰাসবাদী সংগঠনৰ অধীনত থকা অঞ্চলত বৃহৎ পৰিমাণে কৰে নিচা জাতীয় দ্ৰব্যৰ উৎপদন।এই দেশসমূহৰ পৰা পঞ্জাব, গুজৰাট সীমান্তহৈ পাকিস্তানৰ পৰা ভাৰতলৈ আহে ড্ৰাগছ।ড্ৰাগছৰ ভয়াবহ কবলৰ পৰা ৰক্ষা কৰিবলৈ চুবুৰীয়ে দেশ কেইখনৰ লগত কৰিব লাগিব আলোচনা। by utpal kalita