চানমাৰি থানাত ৰুজু হৈ থকা গোচৰৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ

pc-the wire

অনলাইন বাৰ্ত্তাসেৱা-  চনমাৰি থানাত ৰুজু হৈ থকা গোচৰৰ বাবে গ্ৰেপ্তাৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে অখিল গগৈয়ে।নিয়াৰ আদালতে ভুৱা গোচৰ বুলি ৰায় দিয়া চানমাৰিৰ গোচৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নিয়া।নিয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ অখিল গগৈক চাৰ্জ ফ্ৰেম বিচাৰি কৰিছে আবেদন।কাৰাগাৰৰ পৰা মই বাহিৰ হোৱাটো অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিচৰা নাছিল।এই মন্তব্য কৰিছে অখিল গগৈয়ে।অসম চৰকাৰ আৰু ভাৰত ,চৰকাৰৰ গৃহ বিভাগে মোক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে বুলিও মন্তব্য অখিল গগৈৰ।