বাংলা ভাষাত বিজ্ঞাপন যায়, কেতিয়াবা যদি অসমীয়াত যায় তেনে বেয়া পাব নালাগে-মন্ত্ৰী পীয়ুষ হাজৰিকা

PC-nLive

অনলাইন বাৰ্ত্তাসেৱা- বিধানসভাত চৰকাৰৰ বিজ্ঞাপনক লৈ প্ৰশ্ন উত্থাপন বিধায়ক চৰণ বড়োৰ।বড়ো বাতৰি কাকতত চৰকাৰৰ বিজ্ঞাপন বিচাৰি প্ৰশ্ন উত্থাপন চৰণ বড়োৰ।এই মুহূৰ্তত তিনিখন বড়ো কাকতত চৰকাৰৰ বিজ্ঞাপন দি থকা হৈছে বুলি উত্তৰ প্ৰদান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।১৩ খন অসমীয়া, ৯ খন ইংৰাজী, ৪খন হিন্দী, ৬ খন বাংলা কাকতত বৰ্তমান চৰকাৰী বিজ্ঞাপন দিয়া হয়।

আনহাতে চৰণ বড়োৰ প্ৰশ্নৰ আঁত ধৰি বৰাকৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিধানসভাত বিশেষ মন্তব্য।বৰাকৰ বাবে চৰকাৰী বিজ্ঞাপন বাংলা ভাষাত নিদায়াৰ বাবে অসন্তুষ্টি প্ৰকাশ বিধায়ক পুৰকায়স্থৰ।বৰাকাৰ বাবে চৰকাৰী বিজ্ঞাপন কেতিয়াবা বাংলাত যায়, কিন্তু অধিকাংশ সময়ে অন্যভাষাত যায় বুলি মন্তব্য বিধায়ক কমলাক্ষ্য পুৰকায়স্থৰ।যিহেতু বৰাকৰ চৰকাৰী ভাষা বাংলা সেয়েহে বৰাকৰ বাবে চৰকাৰৰ বিজ্ঞাপন বাংলা ভাষাত দিবলৈ আহ্বান বিধায়কগৰাকীৰ। পুৰকায়স্থৰ মন্তব্যৰ উত্তৰত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে বাংলা ভাষাত বিজ্ঞাপন যায়, কেতিয়াবা যদি অসমীয়াত যায় তেনে বেয়া পাব নালাগে। BY UTPAL KALITA