ৰাজ্যত কাইলৈৰ পৰা ১৫ দিনৰ বাবে মিনি লকডাউন

বাৰ্তাসেৱা- কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰ্দেশনা , ৰাজ্যত ১৫ দিনৰ বাবে হব মিনি লকডাউন। সকলো দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ হ’ব লাগিব ১ বজাত। সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,শিক্ষানুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব ১৫ দিনৰ বাবে। ধাবা আৰু অন্যান্য ৰেষ্টুৰেন্ত কেৱল আবেলি ১ বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথি সেৱা কৰিব পাৰিব। ২ বজাৰ পিছত ব্যক্তিগত যান- বাহন চলিব নোৱাৰিব। অট’ ৰিক্সা, টেক্সীত চালকৰ লগতে দুজন যাত্ৰীৰহে অনুমতি। অকল মহিলা আৰু শিশু দুচকীয়া বাহনত দুজনৰ অনুমতি। ফাৰ্মাচী, চিকিৎসানুষ্ঠান, পশু চিকিৎসা কেন্দ্ৰ খোলা থাকিব।

এই নতুন নিৰ্দেশনা ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰিলে। যদি এই নীতি – নিৰ্দেশনা উলংঘা কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰিছে।