স্বৰ্ণযুগ – ড°লৱ ঠাকুৰীয়া

স্বৰ্ণযুগ
ড°লৱ ঠাকুৰীয়া

এক যুগমীয়া স্বৰ্ণিল ইতিহাস
সামাজিক ব্যাধিয়ে শ্ৰেষ্ঠত্ব উজাৰিছে ।
দেশে দেশে সংঘাতৰ কালিমা
সলনি হয় সভ্যতা, মানৱতা
অৰ্থনৈতিক কন্দলত
সামাজিক ব্যৱধান
চলিছে জাতি নিৰ্মূলৰ অভিযান
দেশে বিদেশে
তাৰো সমান্তৰাল ভাবে
চলিছে অভিপ্ৰয়াণ অবিৰত
ম্যানমাৰৰ পৰা বাংলাদেশলৈ
কেতিয়াবা এচিয়াৰ পৰা ইৰাক- ইৰাণলৈ
খালি হ’ব গাওঁ,দেশ,ৰাষ্ট্ৰ
চলি থাকিব পৰুৱাৰ
লানি নিচিগা শাৰী
অভিপ্ৰয়াণত হেৰাই যাব
আত্মীয়ৰ চকুপানী
পাহৰি অতীতৰ বিভিষিকা
নতুন সপোন ৰচিব
জাতি উপজাতিয়ে
আকৌ জাতিগত
নিৰ্মূল অভিযান
অবিৰত প্ৰব্ৰজন
এখনৰ পৰা আন এখন দেশলৈ !