ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত ২২ অক্টোবৰত সত্যাগ্ৰহ কাৰ্যসূচী আছুৰ

pc The Indian Wire

ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত ২২ অক্টোবৰত সত্যাগ্ৰহ কাৰ্যসূচী আছুৰ

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত ২২ অক্টোবৰত কাৰ্যসূচী গ্ৰহণ কৰিছে সত্যাগ্ৰহৰ আছুৱে। আছুৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল ৰাভা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি কয়— খাদ্যবস্তু, অত্যাৱশ্যকীয় সামগ্ৰী, পেট্র’ল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে জনসাধাৰণৰ ওপৰত মাধমাৰ শোধাইছে। এই মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন ধাৰণ দুর্বিষহ কৰি পেলাইছে। চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে। মূল্যবৃদ্ধি সম্পৰ্কত কেইবাজনো মন্ত্ৰী আৰু জনপ্রতিনিধিয়ে লজ্জাজনকভাৱে লাগ-বান্ধ নোহোৱা অযুক্তিকৰ কথা কৈ জৰ্জৰিত জনসাধাৰণক অপমান কৰিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত আছুৱে অহা ২৫ অক্টোবৰত অসমৰ প্ৰতিখন জিলাৰ সদৰত বিক্ষোভৰ কাৰ্যসূচী ঘোষণা কৰিছে।