বাংলাদেশত দেওবাৰে নিশা ৬৬ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ আৰু লগতে ২৯ হিন্দু লোকৰ বাসগৃহত অগ্নিসংযোগ

pc Zee News

বাংলাদেশত দেওবাৰে নিশা ৬৬ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ আৰু লগতে ২৯ হিন্দু লোকৰ বাসগৃহত অগ্নিসংযোগ

ৰঙিলী বাৰ্ত্তাসেৱা – বাংলাদেশৰ মঠ-মন্দিৰত আক্রমণ চলোৱাৰ উত্তেজনা মাৰ নৌযাওঁতেই মুছলিম দুর্বৃত্তই দুর্গাপূজাৰ সময়ত হিন্দু ধৰ্মাৱলম্বী লোকৰ লগতে পুনৰ দেওবাৰে নিশা ৬৬ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে আৰু লগতে ২৯ হিন্দু লোকৰ বাসগৃহত অগ্নিসংযোগ কৰে। মাঝিপাৰা নামৰ গাঁওখনৰ হিন্দু মাছমৰীয়া যুৱক এজনে ফেচবুক পোষ্টত ইছলামক অসন্মান কৰাৰ অভিযোগৰ ভিত্তিতেই একাংশ মুছলিম দুর্বৃত্তই দেশখনৰ ৰাজধানী ঢাকাৰ পৰা ২২৫ কিলোমিটাৰ নিলগৰ এই গাঁৱখনত হিন্দু ধৰ্মাৱলম্বী লোকৰ ২৯ বাসগৃহত অগ্নিসংযোগ কৰে। বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি মাঝিপাৰা গাঁৱৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ বাসগৃহৰ সন্মুখত আৰক্ষী মোতায়ন হৈ থকাৰ পাছতো মুছলিম দুর্বৃত্তই এই বাসগৃহত অগ্নিসংযোগ কৰে। এটা বাসগৃহৰ সন্মুখত আৰক্ষীয়ে পহৰা দি থকাৰ সময়তে আন এটা বাসগৃহত অগ্নিসংযোগ কৰা ঘটনা পোহৰলৈ আহিছে। অগ্নিনির্বাপক নিয়ন্ত্রণ কক্ষই প্ৰকাশ কৰা মতে ২৯ আৱাসিক গৃহত অগ্নিসংযোগ কৰাৰ লগতে দুটা ৰান্ধনি ঘৰকে ধৰি আন কেইবাটাও গৃহত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। নিশা ৮.৪৫ বজাৰ পৰা পুৱতিনিশা ৪.১০ বজালৈ দুর্বৃত্তই বাসগৃহত অগ্নিসংযোগ কৰে যদিও বাতৰিত প্ৰকাশ কৰা মতে, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।