তিনিটা প্ৰেমৰ স্তৱক – চিন্ময় বৰুৱা

pc Biriyee

তিনিটা প্ৰেমৰ স্তৱক

চিন্ময় বৰুৱা,
যোৰহাট

(১)
তোমাৰ স্মৃতিৰ সৰাপাতে কঁপাই আছে
নিৰ্জন আবেলিৰ বতাহ
তুমি যে মোৰ স্বপ্নিল বসন্তৰ এবুকু সেউজীয়া হেঁপাহ ।

(২)
তুমি এজুপি গছ হোৱা সাহসৰ
দুখৰ সমাধি বগাই জিৰণি লʼম তোমাৰ ছাঁত ।

(৩)
হাতত হাত থʼব নালাগে যদি
তাত বিশ্বাস নাথাকে
চকুত চকু থোৱা আৰু কোৱা
কোনো কঠিন সময়েও আমাক আঁতৰাব নোৱাৰে ।

( মাহেকীয়া আলোচনী ‘শব্দশঃ’ৰ প্ৰথম বছৰ(২০২০) , প্ৰথম সংখ্যা, ফ্ৰেব্ৰুৱাৰী ত প্ৰকাশিত। )