” অনুতপ্ত ” – ৰমণ_ৰাজ

pc Golpo Boli

” অনুতপ্ত ” (অণুগল্প)

#ৰমণ_ৰাজ,
বাইহাটা চাৰিআলী

ওৰে ৰাতি উজাগৰে থাকি ভাস্কৰে চটফটাই আছিল।পোহৰ হলেই তাৰ শৰীৰ ফাঁচি কাঠত উলমিব। ৰাতি জেইলৰে দিয়া ভাতসাজ যেনেদৰে দিছিলে তেনেকৈয়ে আছিল।

ৰাতিপুৱা ৪ বজাত প্ৰশাসনৰ ফালৰ পৰা জগাই দিয়াত অশ্ৰুসিক্ত নয়নেৰে ওপৰলৈ হাতযোৰ কৰি চিঞৰি উঠি ক’লে–

” মোক ক্ষমা কৰি দিয়া আই ”
মোক ক্ষমা কৰি দিয়া”।