ৰাজনীতিৰ পাশা খেলত সম্প্ৰীতিৰ অসমত উদ্বাস্তু হ’ব নেকি অন্তৰাত্মাৰ পৰিভাষা?- ফখৰুদ্দিন আহমেদ

pc- Voices of Youth

ৰাজনীতিৰ পাশা খেলত সম্প্ৰীতিৰ অসমত উদ্বাস্তু হ’ব নেকি অন্তৰাত্মাৰ পৰিভাষা?

ফখৰুদ্দিন আহমেদ

সাম্প্ৰতিক অসমৰ মূল চিন্তা উদ্ৰেককাৰী বিষয় হৈ পৰিছে সম্প্ৰীতিৰ ৰম্যভুমিত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা অশুভ দৌৰাত্ম। বিভিন্ন নিউজ চেনেল আৰু চ’চিয়েল মেডিয়াত এই অশুভ শক্তিৰ স্বাধীন ভাৰতবৰ্ষৰ সংবিধান বিৰোধী মন্তব্য। হিন্দু-মুছলমান খেলা খনৰ পৰিসীমাৰ বাহিৰলৈ ওলাই আহি পুৰ্বাপৰ বিৰাজিত সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৃষ্ঠপোষকতা কৰা গৰিষ্ঠ সংখ্যক অসমবাসী সম্প্ৰতি মানসিক ভাবে জৰ্জৰিত। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এয়া সংবিধান প্ৰদত্ত বিধান।সংবিধানৰ প্ৰতিটো দফা ভাৰতৰ প্ৰত্যেকজন নাগৰিকৰ বাবে সমানেই প্ৰযোজ্য। ইয়াত জাতি , ধৰ্ম , ধনী, দুখীয়াৰ কথা আহিবই নোৱাৰে।অবশ্যে এই সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব হোৱাৰ অলেখ নজিৰ আছে। এনে অসংবিধানিক কৰ্ম কান্ডই কেতিয়াবা কেতিয়াবা শান্তি-সম্প্ৰীতি কামনা কৰা দেশৰ জনতাক ব্যতিব্যস্ত নকৰা নহয়। এই অসংবিধানিক কৰ্ম কান্ডত লিপ্ত ব্যক্তি বিশেষে যদি ৰাজনৈতিক পোষকতা লাভ কৰে তেতিয়া তেওঁলোক অনিৰুদ্ধ হৈ পৰে। সমাজখনে ভাৰসাম্য হেৰুৱাবলগা হয়। বিগত পাছ ছয় মাহে নভেল কৰ’না ভাইৰাছৰ সংক্ৰমনত বিধ্বস্ত হৈ পৰা জনজীৱনৰ অংশীদাৰ হৈ বিশেষকৈ সমগ্ৰ অসমৰ ৰাজনৈতিক , অৰ্থনৈতিক , শৈক্ষিক , ন্যায়িক আৰু সামাজিক প্ৰতিটো দিশৰ তাৎকালিন পৰিকাঠামোৰ দিশবোৰ প্ৰত্যক্ষ কৰাৰ অবৰ্ননীয় সুযোগ অসমবাসীয়ে লাভ কৰিছো। তাৰ ভুক্তভোগী আমি নিজেও । ঐতিহাসিক ইয়ান্ডাবু সন্ধিৰ সুত্ৰে অসম ভাৰতবৰ্ষৰ লগত চামিল হৈছিল। ইয়াৰ মূল উদ্যোক্তা আছিল বেলিমাৰ নোযোৱা দেশ ইংলেন্ড। ভাৰতৰ শাসনৰ ভাৰ ইংৰাজ সকলে হস্তগত কৰাৰ পুৰ্বে ছ শ বছৰ শাসন কৰিছিল ইছলাম ধৰ্মাৱলম্বী শাসক সকলে। ইয়াৰ শেহতীয়া শাসক মোগল সকল আছিল। সেই সময়ৰ ইছলাম ধৰ্মাৱলম্বী সকল যদি ধৰ্ম নিৰপেক্ষ নহ’লহেতেন তেনেহ’লে সন্দেহ পোষন কৰিব পাৰি যে সমগ্ৰ ভাৰতবৰ্ষ খনেই এখন ইছলামী ৰাষ্ট্ৰলৈ পৰ্যবশিত হ’লহেতেন। তেনে নহ’ল আৰু বিভিন্ন পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতবৰ্ষই আজিৰ স্বাধীন ৰূপ পৰিগ্ৰহন কৰিছে। য’ত তাহানিৰ ধৰ্ম নিৰপেক্ষতাবাদ সংবিধানত স্বীকৃত হৈ আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰতবাসীৰ জাতি , ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যি অবদান সেয়া সমগ্ৰ বিশ্বৰ বাবে চিৰদিন আদৰনীয় আৰু অনুকৰনীয় হৈ আছে আৰু থাকিব। সাম্প্ৰতিক সময়ত অসমত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাবলৈ কিছুমান ব্যক্তি বিশেষে যত্নৰ ত্ৰুটি নকৰাৰ দৃষ্টি গোচৰ হৈছে। বিশেষকৈ এই ক্ষেত্ৰত নামোল্লেখ কৰিব পাৰি হোজাইৰ বিধায়ক শিলাদিত্য আৰু এটি বিশেষ ৰাজনৈতিক দলৰ অসমৰ নেতা বুলি নিজেই গেৰুৱাবসন পৰিধান কৰি ফুৰা তথাকথিত নেতা সত্যৰঞ্জন কলিতা। সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱাৰ নামত যেতিয়াই তেতিয়াই অসমৰ মুছলমান সকলক সন্দেহযুক্ত বাংলাদেশী বুলি বক্তব্য প্ৰদান কৰি ফুৰা শিলাদিত্যক বৰ্তমান কুছুদিন নিৰবতা অবলম্বন কৰা দেখা গৈছে। এই গৰাকী বিধায়কে মুছলমান লোক হোৱাৰ বাবে অসমৰ বিশিষ্ট সাহিত্যিক , অসম সাহিত্য সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , সাহিত্যাচাৰ্য, পদ্মভূষণ চৈয়দ আব্দুল মালিক চাৰক বৌদ্ধিক জেহাদী বুলি আখ্যা দিয়াৰ পিছত হয়তো হোজাইৰ বিধায়ক গৰাকীয়ে গম পালে যে তেওঁৰ কুকৰ্মৰ কীৰ্তিয়ে আগন্তুক ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত কৰিবও পাৰে। কাৰন দলীয় টিকট পাবলৈ হ’লে অসমৰ মুছলমান মানুহক শিলাদিত্যই কিমান বদনাম দিলে সেয়া হিচাপত নাহে , হিচাপত আহে দলীয় নেতৃত্বৰ সন্তুষ্টি , সমষ্টিৰ উন্নয়নৰ ৰেহৰূপ আৰু নিজৰ কৰ্মপটুতা। পিছে হোজাইৰ বিধায়ক গৰাকীৰ ভাগ্যত ওপৰোল্লেখিত কোনটি বিষয় লাভ হ’ব সেয়া সন্দিহান হৈ পৰিছে। বিশেষকৈ মৌলানা বদৰুদ্দিন আজমলক কথাই কথাই কটাক্ষ কৰা এই বিধায়ক গৰাকীৰ সাহায্য আৰু সহাৰিয়ে ঢুকি নোপোৱা হোজাই বিধান সভা সমষ্টিৰ বহুতো ভিতৰুৱা অঞ্চলত হোজাইস্থিত আজমল ফাউন্ডেচনে সাধাৰন জনতাক সহায় আগবঢ়াবলগা হোৱাটো সৰ্বজন বিদিত। ইফালে সত্যৰঞ্জন বৰা, এও আৰু এখোপ চৰা। এওৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দই ইছলাম ধৰ্মাৱলম্বী সকলে বাবে অসহনীয় হৈ পৰিছে।এই গৰাকী আখৰা কৰি লিখক আৰু এটি বিশেষ ৰাজনৈতিক দলৰ নেতা হ’বলৈ সক্ষম হোৱা ব্যক্তিৰ মতে ইছলাম ধৰ্ম আৰু মুছলমান সকল নোহোৱা হ’লেহে অসম তথা ভাৰতত হিন্দু ভাই সকল ৰক্ষা পৰিব। আৰবী ভাষাৰ কোনো আক্ষৰিক জ্ঞান নথকা এই জনা পন্ডিতে পবিত্ৰ কোৰআন শ্বৰিফৰ প্ৰটিটো বাক্য অশ্লীলতাৰে ভৰপুৰ , লাভ জেহাদৰ পৰিক্ৰমা চৈধ্য বছৰ পুৰ্বৰ পৰাই চলি আহিছে , ইছলাম ধৰ্মৰ শেষ প্ৰচাৰক হজৰত মোহাম্মদ চঃ ৰ ওপৰত বিৰূপ মন্তব্য , ইছলাম ধৰ্ম আৰু মুছলমান সকলক মুখত পাঞ্চ মৰা ইত্যাদি বক্তব্যৰে সমগ্ৰ অসমত উগ্ৰ হিন্দুত্ভাদৰ আশ্ৰয় লৈ এটি অনাকাংখিত পৰিবেশ সৃষ্টি কৰিবলৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ দৌৰি ফুৰিছে। লগতে নিতৌ ইছলাম ধৰ্ম, মুছলমান আৰু কোৰআন শ্বৰীফ সম্পৰ্কত বিৰূো মন্তব্য প্ৰদান কৰি আহিছে। আচৰিত হ’বলগা বিষয়টো হৈছে অসমৰ প্ৰায়বোৰ আৰক্ষী চকীত এই সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি থোৱাৰ পিছতো অসম আৰক্ষীয়ে বৰাক গ্ৰেপ্তাৰ কৰা নাই। এই প্ৰসংগত উল্লেখ কৰিব বিচাৰিছো যে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক মৌলানা আমিনুল ইছলামে তবলীগী জানাতৰ জামাতি সকলৰ নিৰাপত্তাজনিত কাৰন সম্পৰ্কত কৰা ফোন ৰেকৰ্ডিঙৰ গইনা লৈ অসম আৰক্ষীয়ে যাতে অসমত শান্তি , শৃংখলা অটুট থাকে তাৰ পৰিপ্ৰেক্ষিতত মৌলানা গৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ নিক্ষেপ কৰিছিল।অসমৰ সচেতন মুছলমান ব্যক্তি তথা সংগঠনবোৰে সেই সময়ত সন্তুষ্টি প্ৰকাশ কৰিছিল যদিও এতিয়া প্ৰশ্ন হয় হোজাইৰ বিধায়ক শিলাদিত্য আৰু তথাকথিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ মন্তব্যবোৰে অসমত শান্তি , শৃংখলা ব্যাহত কৰাৰ সম্ভাৱনা নাই নেকি? নে সংবিধানৰ নীতি নিয়মবোৰ এটি ধৰ্মীয় লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়? নে এওলোক দুগৰাকীয়ে ৰাজনৈতিক ভাবে আশিষ ধন্য কাৰনে এওলোকে প্ৰদান কৰা বক্তব্যবোৰ আপোনা আপুনি সংবিধান স্বীকৃত বুলি পৰিগনিত হয়? অসমত চলা এনেবোৰ দুষ্কাৰ্য্যৰ প্ৰতিৰোধ শান্তি সম্প্ৰীতিৰ মন্ত্ৰেৰে অনুপ্ৰানিত অসমবাসীয়ে নিশ্চয়কৈ কৰিবলৈ সমৰ্থ হ’ব। অসমৰ সমাজ জীৱনৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেব , তেখেতৰ প্ৰধান শিষ্য মহাপুৰুষ শ্ৰীমন্ত মাধব দেৱ আৰু ইছলাম ধৰ্মীয় গুৰু পীৰ আজান ফকিৰ চাহেবৰ সম্প্ৰীতিৰ মহামন্ত্ৰেৰে আমাৰ অসমীয়া জাতি , সকলো জনগোষ্ঠীয়ে একতাৰ ডোলেৰে বান্ধ খাই অসমীয়া সাহিত্য , সংস্কৃতি, সামাজিক ইত্যাদি সকলো দিশতে এক সুদৃঢ় পৰিকাঠামো নিৰ্মান কৰি আমাৰ মাতৃভুমি অসমক বিশ্বত জাকত জিলিকা কৰিব পাৰিব। ইয়াত সাম্প্ৰদায়িক সম্প্ৰীতি হ’ব মূল চালিকা শক্তি।