উপ-নিৰ্বচন, লোকসভা নিৰ্বাচনক লৈ অখিল গগৈৰ ৰাহুল গান্ধীৰে সৈতে বৈঠক

pc- Wikipedia

উপ-নিৰ্বচন, লোকসভা নিৰ্বাচনক লৈ অখিল গগৈৰ ৰাহুল গান্ধীৰে সৈতে বৈঠক

অনলাইন বাৰ্ত্তাসেৱা- ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সৈতে নতুন দিল্লীৰ ২১ টোঘলক লেনত থকা ৰাহুল গান্ধীৰ কাৰ্যালয়ত প্ৰায় এঘণ্টাজোৰা বৈঠকত বহে। দুয়োগৰাকী নেতাই অসমত অনুষ্ঠিত হ’বলগীয়া ছটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নির্বাচন সম্পর্কত আলোচনা কৰে। অখিল গগৈয়ে উপ নির্বাচনত আসন বুজাবুজিৰে প্রতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ সাংসদগৰাকীৰ আগত দাঙি ধৰাত তেওঁ বিষয়টো গুৰুত্বসহকাৰে লয় আৰু অসম প্রদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধানত তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগত আলোচনা কৰি পৰৱৰ্তী ৰণকৌশল প্রস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সেই অনুসৰি জিতেন্দ্ৰ সিঙৰে বৈঠকত বহিব অখিল গগৈ৷ ৰাহুল গান্ধীৰে হোৱা বৈঠকত দেশৰ বিজেপি বিৰোধী আঞ্চলিক দলবোৰক লৈ গঠন হ’বলগীয়া ফেডাৰেল ফ্ৰণ্ট সন্দৰ্ভতো অখিল গগৈয়ে অৱগত কৰাত কংগ্ৰেছ নেতাগৰাকীয়ে সমগ্ৰ বিষয়টো বিতংকৈ বুজ লয়।অখিল গগৈয়ে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী মুকুৱ ৱাছনিককো সাক্ষাৎ কৰিছিল।

 

(RT)