ৰবীন্দ্র ভৱনত ব্ৰজাৱলী ভাষাৰ নাটিকা ‘দেৱৰাজ নহুষ’

pc. flyclipart

ৰবীন্দ্র ভৱনত ব্ৰজাৱলী ভাষাৰ নাটিকা ‘দেৱৰাজ নহুষ’

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ দুয়ােজনা গুৰুৱে লগলাগি ব্ৰজাৱলী ভাষাত বিভিন্ন গীত মাতৰ লগতে নাট-ভাওনা আদি ৰচনা কৰি তাক সমাজৰ মাজত প্ৰচাৰ কৰি গৈছিল। গুৰু দুজনাই অহর্নিশে চেষ্টা কৰিছিল অমৰ সৃষ্টিব্ৰজাৱলী ভাষাটোক পৰিৱৰ্তিত সমাজ আৰু সভ্যতাৰ সমান্তৰালভাৱে প্রতিষ্ঠা কৰাত। কিন্তু কালৰ সোঁতত সেই ব্ৰজাৱলী ভাষা আজি পাহৰণিৰ গৰ্ভত। সংগ্রাহলয়ৰ চাৰি বেৰৰ মাজতে আজি আবদ্ধ মহাপুৰুষ দুজনাৰ সৃষ্ট ব্ৰজাৱলী ভাষা। ভাষাটোৰ অধিক প্রচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি ৬ মার্চত গুৱাহাটী ৰবীন্দ্ৰ ভৱনত নৃত্যনাট্যম সাংস্কৃতিক গােষ্ঠীয়ে ব্ৰজাৱলী ভাষাৰ এখনি আধ্যাত্মিক নাটক মঞ্চস্থ কৰিবলৈ লােৱা হৈছে। নাটখনিৰ ৰচনা অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া বিভাগৰ প্রাক্তন অধ্যাপক, নৃত্যচুড়ামণি গােবিন্দ শইকীয়া বৰবায়ন আৰু পৰিচালক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সত্ৰীয়া বিভাগৰ স্নাতকোত্তৰ সত্ৰীয়া শিল্পী কন্যা কুমাৰী শইকীয়াৰ। ‘দেৱৰাজ নহুষ’ ৬ মার্চত সন্ধিয়া ৫.১৫ বজাত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হ’ব। নাটখনিৰ সংগীত বিষ্ণু শৰ্মা আৰু মৌচম বৰাৰ। আলােক নির্দেশক কৌশিক বৰবৰা। প্রযােজনা ধর্মেশ্বৰ কোঁৱৰ আৰু পৰিকল্পনা প্রকাশ ভাইমণিৰ। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা আমন্ত্রিত সত্ৰীয়া শিল্পী সকলৰ দ্বাৰা এক বিশেষ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ’ব, লগতে অসমীয়া চলচ্চিত্র জগতলৈ ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত বঁটা বাহনেৰে সন্মান কঢ়িয়াই অনাৰ বাবে সংগীত শিল্পী তৰালি শৰ্মা, বােলছবি নির্মাতা নুৰুল চুলতান, বােলছবি পৰিচালক কৃপাল কলিতা আদি কৰি কেইবাজনাে ব্যক্তিক অভিনন্দন জনােৱা হ’ব। আনহাতে এই বৰ্ষৰ সমাজ সেৱা বঁটা গুৱাহাটী নিবাসী মুকুল নাৰায়ণ বর্মনক প্ৰদান কৰা হ’ব বুলি প্ৰচাৰ সম্পাদক দিগন্ত কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়ে।