শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চসুৰৰ নতুন নাট ‘মনিৰাম দেৱান’

pc.- Wikipedia

শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চসুৰৰ নতুন নাট ‘মনিৰাম দেৱান’

ৰঙিলী বাৰ্ত্তাসেৱা-  লোকসংগীতৰ এটি প্ৰায় হেৰাই যাবলৈ উপক্ৰম হোৱা ধাৰা মালিতা বা কাহিনী গীত । ইংৰাজীত যাক কোৱা হয় Ballad। অসমীয়া বেলাড সমূহক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হয় । বুৰঞ্জীমূলক কিম্বদন্তিমূলক বা জনশ্ৰুতিমূলক আৰু  বৈষয়িক বা বাস্তৱবাদী । এই বুৰঞ্জীমূলক মালিতাৰে অন্তৰ্গত মনিৰাম দেৱানৰ মালিতাৰে সজোৱা পঞ্চসুৰৰ নতুন নাটক মনিৰাম দেৱান । নাটক খনৰ ৰচনা আৰু পৰিচালনা প্ৰৱীন কুমাৰ শইকীয়াৰ ।নাট খনৰ সংগীত সজাইছে ৰশ্মিৰেখা শইকীয়াই । ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম খনি সংগ্ৰাম চিপাহী বিদ্ৰোহৰ শ্বহীদ মনিৰাম সংগ্ৰামী জীৱনৰ ওপৰত আধাৰিত নাটখন আজি  শ্ৰীমন্ত শংকৰ দেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব । ২৬ ফেব্ৰুৱাৰী মনিৰাম দেৱানৰ ফাঁচীৰ দিন । নাট খনিত মূলচৰিত্ৰ মনিৰামৰ ভূমিকাত অভিনয় কৰিব নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্যবিদ্যালয় স্নাতক তথা অতি কুশলী আৰু বলিষ্ঠ অভিনেতা ৰাজু ৰয়ে । হলৰইডৰ  চৰিত্ৰত অভিনয় কৰিব অসমীয়া বোলছৱি তথা টেলিভিশ্বনৰ ধাৰাবাহিকৰ সুদক্ষ অভিনেতা সূৰুজ কলিতাই । মঞ্চনাট তথা ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা দেৱজিত ডেকাই স্বৰ্গদেও কন্দৰ্পেশ্বৰ সিংহৰ ভাৱত অভিনয় কৰিব । পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিব শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ অভিনয় শাখাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ অংশু প্ৰতীম শইকীয়াই । হৰনাথ ডাৰোগাৰ চৰিত্ৰত আছে অভিজিৎ চাংমাই । নাটখনিৰ মূল সূত্ৰধাৰৰ ভুমিকাত আছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমৰ পৰা অভিনয় শিক্ষাগ্ৰহণ কৰা সুদক্ষ অভিনেতা নিৰোৎপল মহন আৰু প্ৰতীক্ষা ৰাণী বৰগোঁহাই । অন্যান্য ভূমিকাত সুনীল চাংমা, অনিল চাংমা, নিবেদিতা দেউৰী,হৰ্ষিতা তালুকদাৰ,জুচিকা ডেকা । সম্পূৰ্ণ লোকধৰ্মী নাটশৈলীত সজোৱা নাটখনিত অসমৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰী, টোকাৰী বাদক নাৰায়ণ কলিতা বিশিষ্ট ঢুলীয়া দেৱেশ্বৰ শইকীয়া আৰু চন্দন শইকীয়াই সংগীতত থাকিব,পোহৰত তপন কুমাৰ বৰুৱা৷