‘নেডফিমচ’ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক নাৰী কেন্দ্ৰীক ছবি নিৰ্মান কৰ্মশালা

pc Leverage Edu

‘নেডফিমচ’ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক নাৰী কেন্দ্ৰীক ছবি নিৰ্মান কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ পূৰ্বাঞ্চলৰ নাট্য আৰু চলচ্চিত্ৰ চৰ্চাৰ ক্ষেত্ৰত উৎসৰ্গীত সামাজিক-সাংস্কৃতিক অনুষ্ঠান নৰ্থ ইষ্ট ড্ৰামা এন্ড ফিল্ম মেকিং ছচাইটিৰ উদ্যোগত ছিজিজি থিয়েটাৰ ব’ৰক মোচন পিকচাৰ আৰু গ্লামোৰ একাডেমীৰ সহযোগত ২৬ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে নাৰীকেন্দ্ৰীক ছবি নিৰ্মান কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই কৰ্মশালাত সৃজনীমূলক কৰ্মৰাজিৰ প্ৰতি আগ্ৰহীসকলক এখন মঞ্চ দি নাৰী সমাজৰ বিভিন্ন বিষয়-সমস্যাৰ আলোকপাতেৰে চলচ্চিত্ৰ আৰু পৰিৱেশ্য কলাৰ মাধ্যমেৰে অন্তৰ্নিহিত সৃজনী শক্তিক ত্বৰান্বিত কৰি স্বাধীন চিন্তা আৰু সক্ষমতাক উত্তোলন কৰাত প্ৰাধান্য দিয়া হ’ব।নাট আৰু চলচ্চিত্ৰ ক্ষেত্ৰত নিৰ্দেশিকা,লেখিকা,অভিনেত্ৰী আৰু প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব খোজা নাৰীসকলক সঠিক বাট দেখুওৱাত এই কৰ্মশালাই বিশেষ ভূমিকা গ্ৰহণ কৰিব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্য্যায়ত সন্মানিত অসমৰ কেইবাগৰাকীও চলচ্চিত্ৰ নিৰ্মাতা,পৰিচালক,অভিনেতা আৰু অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিবলগীয়া কৰ্মশালাত অংশগ্ৰহণকাৰী সকলৰ পৰা ৩ খন ছুটি ছবি নিৰ্মানৰ বাবে অভিনেত্ৰী নিৰ্বাচন কৰা হ’ব । আগ্ৰহী সকলক facebook page assam women film festival আৰু ৬০০০০৪২৩০২ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।