৬২,৬৯৬ টা পৰিয়াললৈ ১৫ হাজাৰকৈ টকা প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

৬২,৬৯৬ টা পৰিয়াললৈ ১৫ হাজাৰকৈ টকা প্ৰেৰণ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ অসম চৰকাৰ তৎপৰ হৈ পৰিছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ ১৫ হাজাৰ ঘোষণা কৰিছিল । সোমবাৰে পুৱাৰ ভাগতে এই ধন বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে । বান পৰিস্থিতি-সাহায্য, ব্যৱস্থাপনা-বন্যার্তৰ পুনর্বাসন-খহনীয়াৰ বুজ ল’বলৈ দেওবাৰৰ পৰা ৪ দিনীয়া ভ্রমণসূচীৰে উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত আয়োজিত এক অনুষ্ঠানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিটো বন্যাক্রান্ত পৰিয়াললৈ প্রত্যক্ষ লাভালাভ হস্তান্তৰ ব্যৱস্থা (ডিবিটি)ৰ জৰিয়তে ১৫,০০০ টকাকৈ অন্তর্বর্তীকালীন আর্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শর্মাই ‘প্রধানমন্ত্রী সূর্যঘৰ-বিনামূলীয়া বিজুলী যোজনা’ৰ দ্বাৰা উপকৃত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ যোগ্য হিতাধিকাৰীলৈ ৰাজ্যিক ৰাজসাহায্যৰ ধন আভাসীয়ভাৱে মুকলি কৰে। উল্লেখ্য যে শেহতীয়া প্রলয়ংকৰী বানত ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৭,৫০০টা বন্যাক্রান্ত পৰিয়াললৈ সাহায্য আগবঢ়োৱা হ’ব। প্রথম পর্যায়ত আজি ৬২,৬৯৬টা পৰিয়াললৈ ধনৰাশি প্ৰেৰণ কৰা হৈছে।  শিৱসাগৰ জিলাৰ ৩৫ হাজাৰ ২৯৮টা পৰিয়াল, চৰাইদেউৰ ১৯ হাজাৰ ৮৮৩টা পৰিয়াল, গোলাঘাটৰ ২ হাজাৰ ৫৯৩টা পৰিয়াল আৰু যোৰহাটৰ ৪ হাজাৰ ৯২২টা পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা আগবঢ়াইছে । জিলা আয়ুক্তসকলে দাখিল কৰা মূল্যায়ন প্রতিবেদন আৰু হিতাধিকাৰীৰ তালিকাৰ ভিত্তিত বাকী থকা যোগ্য হিতাধিকাৰীসকললৈ অহা ৫ আগষ্টৰ ভিতৰত এই আর্থিক সাহায্য মুকলি কৰি দিয়া হ’ব। আনহাতে, প্রধানমন্ত্রী সূৰ্যঘৰ যোজনাৰ অধীনত বানপীড়িত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ সৰ্বমুঠ ৯,২৮৯ গৰাকী যোগ্য হিতাধিকাৰীৰ বাবে ৪১.৬৭ কোটি টকাৰ ৰাজ্যিক ৰাজসাহায্য মুকলি কৰা হয়। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বন্যাক্রান্ত ৰাইজক সহায়ৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। বিগত দিনকেইটাত চাৰিওখন জিলাৰ ৰাইজে যিধৰণে বানৰ সৈতে মোকাবিলা কৰিছে, সেয়া সকলোৰে বাবে প্ৰেৰণা আৰু সাহসৰ প্ৰতীক বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বাবে বন্যাক্রান্ত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। নিকট আত্মীয়জনক হেৰুওৱাৰ পিছতো ৰাইজে পৰস্পৰক কৰা সহায় আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে চলোৱা প্ৰচেষ্টাৰ তেওঁ শলাগ লয়। প্রলয়ংকৰী বানৰ পিছৰে পৰা চৰকাৰী আৰু বেচৰকাৰী প্রচেষ্টাত বান প্রভাৱিত ৰাইজৰ সহায়ৰ বাবে চলা প্রচেষ্টাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বানৰ খবৰ পোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়া আৰু সুশান্ত বৰগোহাঁই বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ কাষত উপস্থিত হয়। বান সাহায্য প্রদান অভিযানত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত জড়িত হৈ পৰে। মন্ত্ৰী পীযূষ হাজৰিকাও বন্যাক্রান্ত ৰাইজৰ কাষত উপস্থিত আছে। জিলাকেইখনৰ সমষ্টিসমূহৰ বিধায়কসকলেও ৰাজনৈতিক পৰিচয়ৰ ঊর্ধ্বলৈ গৈ বন্যাক্রান্ত ৰাইজক সহায় কৰিছে। চাৰিওখন জিলাৰ জিলা আযুক্তৰ নেতৃত্বত অসম চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে বন্যাক্রান্ত ৰাইজক সহায়ৰ আপ্রাণ চেষ্টা কৰি আছে। বন্যাক্রান্তক সহায়ৰ বাবে বিভিন্ন বেচৰকাৰী সংগঠন, জাতীয় সংগঠন আৰু হৃদয়ৱান ৰাইজে ব্যক্তিগত আৰু সামূহিকভাৱে প্রচেষ্টা চলাই আছে। চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত হোৱা এনে প্রয়াসক অধিক গতি দিবলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি বন্যাক্রান্তক সহায়ৰ কেইবাটাও ঘোষণা ইতিমধ্যে ৰাজহুৱা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা ১ আগষ্টত চাৰিওখন জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ২,৫০০ টকাকৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি বেংকসমূহৰ সৈতে আলোচনা কৰি বন্যাক্রান্ত ৰাইজৰ বিভিন্ন ঋণৰ কিস্তি পৰিশোধত ৬ মাহৰ বিৰতিৰ ব্যৱস্থা কৰা হৈছে। বীমা কোম্পানীসমূহৰ সৈতে আলোচনা কৰি বন্যাক্রান্ত ৰাইজৰ ঘৰ বীমা, গাড়ী বীমা, ব্যৱসায় বীমা, জীৱন বীমা আদি বিভিন্ন বীমা আদায়ৰ প্ৰক্ৰিয়া সহজ আৰু খৰতকীয়া কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ বাবে বীমা কোম্পানীসমূহে জিলা পর্যায়ত নডেল বিষয়া নিযুক্তি দিয়াৰ লগতে হেল্পলাইন স্থাপন কৰিব। কোম্পানীসমূহে ন্যূনতম নথি-পত্ৰৰ ভিত্তিত, প্রয়োজনত ভিডিঅ’ কলৰ জৰিয়তে বীমাৰ খৰতকীয়া নিষ্পত্তি কৰিব আৰু স্থায়ী নিষ্পত্তি নোহোৱালৈকে অন্তর্বর্তীকালীনভাৱে বীমাৰ ধন প্ৰদান কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত বিধবস্ত হোৱা আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰে গুৰুত্ব দিছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে ইতিমধ্যে বানত বিধবস্তু বিদ্যালয়ৰ মেৰামতিৰ বাবে তৎকালীনভাৱে ২.১০ লাখ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে আৰু সমগ্র শিক্ষা অভিযানে বিদ্যালয়সমূহৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি আছে। অহা ৫ আগষ্টৰ ভিতৰত বিদ্যালয়সমূহৰ একাউণ্টলৈ ধনৰাশি প্ৰেৰণ কৰা হ’ব। দুয়োখন জিলালৈ শিক্ষা বিভাগে বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বিদ্যালয়ৰ কণ কণ শিশুসকলক পুনৰ দুযোৰকৈ ইউনিফর্ম দিয়াৰ বাবে প্রয়োজনীয় ধন সমগ্র শিক্ষা অভিযানলৈ মুকলি কৰি দিয়া হৈছে। দুর্যোগকালত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বন্যাক্রান্ত ৰাইজৰ কাষত থিয় দিয়াৰ বাবে চৰকাৰৰ অংগীকাৰৰ কথা দোহাৰি তেওঁ কয় যে বানে বিধবস্ত কৰা প্ৰতিটো নামঘৰলৈ ডেৰ লাখকৈ টকা অহা ৭আগষ্টৰ পূৰ্বে আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যুৎ গ্ৰাহকৰ জুলাই মাহৰ ৩০০ ইউনিট পর্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিয়া হ’ব আৰু এবছৰৰ বাবে মাটিৰ খাজনা দিয়াৰ পৰা ৰেহাই দিয়া হ’ব। বন্যাক্রান্ত ৰাইজক আশ্রয় শিবিৰৰ পৰা বানত বিধবস্ত ঘৰখনলৈ উভতি যোৱাৰ বাবে বাচন-বৰ্তন, কাপোৰ কিনিবলৈ আৰু ঘৰখনত জমা হোৱা বোকা আদি আঁতৰাবলৈ নগদ ধনৰ অতিকে প্রয়োজন। ৰাইজৰ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰতিটো বন্যাক্রান্ত পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ প্ৰেৰণ কৰা হৈছে। শিৱসাগৰ জিলাৰ ৩৫,২৯৮টা পৰিয়াল, চৰাইদেউ জিলাৰ ১৯,৮৮৩টা পৰিয়াল, যোৰহাট জিলাৰ ৪,৯২২টা পৰিয়াল আৰু গোলাঘাট জিলাৰ ২,৫৯৩টা পৰিয়ালসহ মুঠ ৬২,৬৯৬টা পৰিয়াললৈ ধনৰাশি প্ৰেৰণ কৰা হৈছে। কিন্তু এই পৰিয়ালসমূহৰ সংখ্যা ৭৫ হাজাৰৰ অধিক হোৱাৰ সম্ভাৱনা আছে। আন ১৫ হাজাৰ পৰিয়াললৈ ধনৰাশি মুকলি কৰা হ’ব। এই মূল্যায়ন অব্যাহত থাকিব আৰু ৫ আগ পর্যন্ত ধনৰাশি মুকলি কৰি থকা হ’ব। অহা ৯ আগষ্টপর্যন্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকল বন্যাক্রান্ত ৰাইজ নিজ গৃহলৈ উভতি যাব নোৱাৰিব বা কঠিন বান পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব, তেনে পৰিয়ালক অহা ১০ আগষ্টত পুনৰ ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে সাধাৰণতে বানত হোৱা ক্ষয়-ক্ষতিৰ চৰকাৰী জৰীপ ৬ মাহৰ পৰা ৯ মাহপর্যন্ত চলি থাকে। ৰাইজে প্রায় ১ বছৰৰ পিছত বান সাহায্য লাভ কৰে। ৰাজ্য চৰকাৰে এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব বিচাৰিছে। তেওঁ কয় যে বন্যাক্রান্ত ৰাইজৰ স্থায়ী ক্ষতিৰ বিপৰীতে সাহায্য দিয়াৰ বাবে জৰীপ কৰিবলৈ চাৰিওখন জিলাৰ বিষয়াসকলক অহা ৭ আগষ্টত যোৰহাটত প্রশিক্ষণ দিয়া হ’ব। প্রশিক্ষণপ্রাপ্ত বিষয়াসকলে ৮ আগষ্টত জিলাসমূহত সমীক্ষাকাৰীসকলক প্রশিক্ষণ প্রদান কৰিব আৰু ৯ বা ১০ আগষ্টৰ পৰা চাৰিওখন জিলাত বানত হোৱা স্থায়ী ক্ষতিৰ জৰীপ কাৰ্য আৰম্ভ হ’ব। ১০ দিনৰ ভিতৰত এই সমীক্ষা সম্পূৰ্ণ কৰা হ’ব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত বানত হোৱা স্থায়ী ক্ষতিৰ পুঁজি মোকলাই দিয়া হ’ব। তেওঁ কয যে স্থায়ী ক্ষতিৰ সমীক্ষা সম্পন্ন হোৱাৰ লগে লগে নীতি অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক পুঁজি যোগান ধৰিব বুলি প্রধানমন্ত্রীয়ে আশ্বাস দিছে। প্ৰধানমন্ত্ৰীৰ সাহস আৰু প্ৰেৰণাতে এনেদৰে জৰীপ কৰিবলৈ ৰাজ্য চৰকাৰে সাহস কৰিছে। ধনেৰে মৃত্যুৰ অপূৰণীয় ক্ষতি পূৰণ কৰিব নোৱাৰি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ কাষত থিয় হোৱাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। সেয়ে চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক এছডিআৰএফৰ পৰা ৪ লাখ টকাৰ অনুকম্পামূলক সাহায্যৰ উপৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকাৰ সৈতে সৰ্বমুঠ ৯ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ পদক্ষেপ লৈছে। প্রধানমন্ত্রী সূৰ্যঘৰ আঁচনিৰ দৰে ৰাজ্য চৰকাৰৰ আন আন বিভাগীয় আঁচনিৰ পৰা যাতে বানত ক্ষতিগ্রস্ত চাৰিওখন জিলাৰ ৰাইজ তাৎক্ষণিকভাৱে উপকৃত হয়, তাৰ বাবে এটা কর্মসূচী প্রস্তুত কৰিবলৈ তেওঁ ৰাজ্যৰ মুখ্য সচিবক আহ্বান জনায়। অনুষ্ঠানত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সঞ্জয় কিষাণ, প্রশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকাৰ লগতে আভাসীয়ভাৱে কেইবাগৰাকী বিধায়ক, মুখ্য সচিব ড° ৰবি কোটা প্রমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।