শিৱসাগৰত ইউকো বেংকৰ বিষয়া ইউনিয়নৰ বৃহৎ বান সাহায্য বিতৰণ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত ইউকো বেংকৰ বিষয়া ইউনিয়নৰ নিজা ববীয়া সংগৃহিত অৰ্থপুঁজিৰ ফালৰ পৰা আজি জিলাখনৰ গৌৰীসাগৰ ভিতৰুৱা অঞ্চলত বান সাহায্য বিতৰণ কৰা হয়। বিশাল পৰিমাণৰ সামগ্ৰীৰ বানপীড়িত লোকৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী আৰু নিত্যব্যৱহাৰ্য প্ৰয়োজনীয় সামগ্ৰী প্ৰায় এশৰো অধিক পৰিয়ালৰ মাজত বিতৰণ কৰা হয়। সাহায্য সামগ্ৰীৰ ভিতৰত আছে চাউল, দাইল, আলু, পিঁয়াজ, মিঠাতেল, ব্লিচিং পাউডাৰ, ফেনাইল, চাবোন আদি। এই সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে- ইউকো বেংক বিষয়া এচ’ছিয়েচনৰ সাধাৰণ সম্পাদক ঋষিৰাজ দাসৰ নেতৃত্বত যোৱা দলটিত সহযোগ কৰে প্ৰাচুৰ্য্য খাউণ্ড, দিপম বাৰোৱাতি, ৰশ্বিৰ শৰ্মা, দিপাংকৰ বৰগোঁহাইৰ লগতে অন্যান্য বিষয়া সকলে। শিৱসাগৰ জিলা অতিৰিক্তি আৰক্ষী অধীক্ষকৰ পৰামৰ্শত খনামুখ -চিন্তামনিগড়ৰ ভিতৰুৱা গাঁওত এই সাহাৰ্য বিতৰণ কৰাৰ লগতে বেতবাৰী অঞ্চলতো বিতৰণ কৰা হয়। স্থানীয় ৰাইজে এই কাৰ্যৰ বাবে ইউকো বেংকৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে।
