শৰৎ অহাৰ উমান
বনজিত দাস,ৰিহাবাৰী, বজালী
কোন বাৰু তেওঁ ?
উচুপিছে,
দোভাগ ৰাতিৰ নীৰৱতাক সাৱটি
টুপ্ টুপ্ কোনে বাৰু মাতে
কানত কিনো নুপুৰ বাজে
এয়া চোন
শৰৎ অহাৰ বাতৰি নেকি ?
দূৰণিত বগাকৈ কোনে পিন্ধাই
আঁচল পাতি
মায়াময় সৰগ ৰচি
নয়ন ভৰি চাওঁ
শৰৎ আহিল বুলি ।
সমীৰণে কিনো কথা পাতে
বুকুত সজল ধাৰা গাঠে
কহুৱা বনৰ নাচোনত
নৈৰ চাপৰিত উখল-মাখল হেন্দোলনি
উন্মনা হিয়াৰ পাহে পাহে
কানে কানে কিনো কয় আহি
জগাই হৃদয়ৰ দুৱাৰ খুলি
এয়াই জানো
শৰৎ অহাৰ বাতৰি নেকি ?
পদূলিত মিচিকি হাঁহি মাৰি
শেৱালি জোপাই
দিয়ে চোন ধৱল দলিচা পাৰি
আহিল নেকি ?
স্নিগ্ধ পৰশ ঢালি
দিব নেকি মোৰ শুকান কলিজাত
বুকুত উপচাই
শৰৎ আহিল বুলি ?
