চলিত বর্ষত ৭ শতাংশ হাৰত বৃদ্ধি পাব জিডিপি
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি (আইএমএফ) এ প্রকাশ কৰা মতে, ২০২৬ বৰ্ষৰ অক্টোবৰ মাহৰ ৱৰ্ল্ড ইক’নমিক আউটলুকৰ প্ৰতিবেদন অনুসৰি ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৭ শতাংশ হাৰত বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা বজাৰত সামগ্ৰীৰ শক্তিশালী চাহিদা আৰু সেৱা খণ্ডৰ ক্ষিপ্ৰ উত্থানৰ ওপৰত ভিত্তি কৰি সংস্থাই এই পূৰ্বাভাস প্ৰকাশ কৰিছে। আইএমএফে ইয়াৰ পূৰ্বৰ ৬.৪ শতাংশ বৃদ্ধিৰ পূর্বানুমানৰ সংশোধন কৰি শেহতীয়াকৈ ৭ শতাংশ বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছে। কেৱল চলিত বর্ষতে নহয়, ২০২৭-২৮ বিত্তীয় বর্ষতো ভাৰতৰ অৰ্থনৈতিক বিকাশ ৭ শতাংশ হাৰতে বৰ্তি থাকিব বুলিও সংস্থাটোৱে আশা প্রকাশ কৰিছে। বিগত ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৭.৮ শতাংশ আছিল। বিশ্বজুৰি দেখা দিয়া ভূ-ৰাজনৈতিক অস্থিৰতা সত্ত্বেও ভাৰতীয় বজাৰত সুস্থিৰ ক্ৰয় ক্ষমতা আৰু সেৱা খণ্ডৰ প্ৰবল ভূমিকাৰ ভাৰতীয় অর্থনীতিৰ এই গতিয়ে ধাৰাবাহিকতা ৰক্ষা কৰিছে। ভাৰতীয় অর্থনীতিয়ে বিকাশ বৰ্তাই ৰাখিলেও বিশ্বৰ সামগ্রিক অর্থনীতি তুলনামূলকভাৱে দুৰ্বল থাকিব বুলি আইএমএফে অনুমান কৰিছে। প্রতিবেদনত প্রকাশ পোৱা অনুসৰি বিশ্বৰ সামগ্রিক অর্থনৈতিক বিকাশ ২০২৬ বর্ষত ৩.১ শতাংশ আৰু ২০২৭ বৰ্ষত ৩.৪ শতাংশ হ’ব। আনহাতে, ২০২৬ বৰ্ষত চীনৰ জিডিপি ৪.৫ শতাংশ আৰু ২০২৭ চনত ৪ শতাংশলৈ হ্রাস পোৱাৰহে সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্রমাগতভাৱে বৃদ্ধি পালে ভাৰতৰ আমদানি ব্যয় অভাৱনীয়ভাবে বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ মুদ্রাস্ফীতিৰ ওপৰত অতিৰিক্ত হেঁচা পৰিব বুলি আগতীয়াকৈ সকীয়াই দিছে আইএমএফে।
