অসমৰ ৮ শতাধিত চাহ বাগিচাৰ চাহ শ্রমিকক ২০ শতাংশ বোনাছ

Pc Hindustan Times

অসমৰ ৮ শতাধিত চাহ বাগিচাৰ চাহ শ্রমিকক ২০ শতাংশ বোনাছ

ৰঙিলী বাৰ্ত্তাসেৱা- দুৰ্গা পূজাৰ প্ৰাক্‌ক্ষণত অসমৰ চাহ বাগিচাৰ শ্ৰমিককলৈ এক সু খবৰ। ৰাজ্যখনৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ বাবে ২০ শতাংশ বিশেষ বোনাছ প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ ৮০০ৰো অধিক চাহ বাগিচাত কৰ্মৰত প্ৰায় ১০ লাখ শ্ৰমিক উপকৃত হ’ব। ইতিমধ্যে এই ৮০০ চাহ বাগিচাৰ শ্ৰমিকসকলক ২০ শতাংশ বিশেষ বোনাছ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে। পূজাৰ পূৰ্বে ২০ শতাংশ বোনাছ লাভ কৰাৰ লগে লগে ৰাজ্যৰ লাখ লাখ চাহ শ্রমিক পৰিয়াললৈ পূজাৰ পূৰ্বে আনন্দ-উৎসাহ অধিক বৃদ্ধি হোৱাও পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, উৎসৱৰ পূৰ্বে প্ৰদান কৰা এই বিশেষ বোনাছে চাহ জনগোষ্ঠীৰ পৰিয়ালসমূহলৈ অতিৰিক্ত আনন্দ কঢ়িয়াই আনিব। ইয়াৰ জৰিয়তে শ্ৰমিকসকলে নিজৰ পৰিয়ালৰ সৈতে দুৰ্গা পূজাৰ আনন্দ-উৎসৱ অধিক উলহ-মালহেৰে উদ্‌যাপন কৰিব পাৰিব বুলি আশা কৰা হৈছে।  তেওঁ লগতে উল্লেখ কৰে, চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকৰ মুখত উৎসৱৰ হাঁহি বিৰিঙাই তোলাৰ লক্ষ্যৰে আমি দিয়া আন এটি প্রতিশ্রুতি পূৰণ কৰিলোঁ। ৰাজ্যৰ ৮০০ৰো আধিক চাহ বাগিচাৰ শ্ৰমিকসকলক ২০ শতাংশ পূজাৰ বিশেষ বোনাছ ইতিমধ্যে প্রদান কৰা হৈছে। চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অৱদানৰ প্ৰতি সম্মান জনাই তেওঁলোকৰ জীৱনলৈ উৎসৱৰ আনন্দ কঢ়িয়াই অনাৰ এয়া আমাৰ এক আন্তৰিক প্ৰয়াস। চাহ জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়ন আৰু মর্যাদাপূর্ণ জীৱন নিশ্চিত কৰাৰ দিশত আমি সদায় প্রতিশ্রুতিবদ্ধ।