শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়
নলবাৰী,বেলশৰ, মোহাইমিনুৰ ৰহমান,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়াকৈ সংঘটিত ভয়ংকৰ বানপানীয়ে অসংখ্য পৰিয়ালৰ জীৱন-জীৱিকাত গভীৰ প্ৰভাৱ পেলোৱাৰ সময়তে মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে নলবাৰী জিলাৰ বানেকুচিত অৱস্থিত পি এম শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মিন্টু চক্ৰৱৰ্তী আৰু শিক্ষানুষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰীসকলে।
বিদ্যালয়খনৰ উদ্যোগত শিৱসাগৰ জিলাৰ অতি ভিতৰুৱা বানাক্ৰান্ত অঞ্চলসমূহত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী, বস্ত্ৰ, পশুধনৰ খাদ্য বিতৰণ কৰাৰ লগতে আৰ্থিকভাৱেও কেইবাগৰাকী বানপীড়িত লোকক সহায় আগবঢ়োৱা হয়।
উল্লেখ্য যে বিদ্যালয়খনৰ তৰফৰ পৰা সংগ্ৰহ কৰা খাদ্যসামগ্ৰী, বস্ত্ৰ আৰু পশুধনৰ খাদ্য সাংবাদিক মেৰাজুল কাজিৰ নেতৃত্বত যোৱা পাঁচজনীয়া এটা দলে শিৱসাগৰ জিলাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ বিতৰণ কৰে। দলটোত সাংবাদিক মেৰাজুল কাজিৰ উপৰি কাজিপৰা ক্লাবৰ উপদেষ্টা মাকিবৰ ৰহমান, সম্পাদক ছালমান হুছেইন কাজি, সাংবাদিক চানোৱাৰ আহমেদ আৰু সমাজকৰ্মী জলিল আলী উপস্থিত আছিল।
সামগ্ৰী বিতৰণৰ অন্তত সাংবাদিক মেৰাজুল কাজিয়ে জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মিন্টু চক্ৰৱৰ্তী আৰু শিক্ষানুষ্ঠানখনৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ এই মানৱীয় পদক্ষেপৰ শলাগ লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে দুৰ্যোগৰ এই সংকটময় সময়ত বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিব পাৰি তেওঁ নিজেও গভীৰ মানসিক তৃপ্তি লাভ কৰিছে। লগতে সমাজৰ আন ব্যক্তি-অনুষ্ঠানসমূহকো দুৰ্যোগৰ সময়ত আৰ্তজনৰ সহায়ত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
