৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা  

pc Axom Barta

৩১ গৰাকী বিশিষ্ট ব্যক্তিলৈ লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা  

অনলাইন বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ২ নৱেম্বৰত অখিল ভাৰত হিন্দু মহাসভা, অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমত ভাষা, সাহিত্য, সংস্কৃতি, ক্রীড়া, কৃষি, উদ্যোগ, সমাজসেৱা, সংবাদসেৱা আদি দিশত নিৰৱচ্ছিন্নভাৱে পাৰদৰ্শিতাৰে সেৱা আগবঢ়াই অহা অসমৰ ৩১ গৰাকী বিশিষ্ট ব্যক্তিক লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেল যোগে এই কথা ঘোষণা কৰে অখিল ভাৰত হিন্দু মহাসভাই। এই সংবাদ মেলত সভাপতি ৰজনী বৰ্মন, সাধাৰণ সম্পাদক মুকুট ডেকা, জ্যেষ্ঠ কৌতুক অভিনেতা অতুল পাঁচনি প্রমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। যিসকল লোকক বঁটা প্ৰদান কৰিব তেওঁলোক হʼল ক্ৰমে বিশিষ্ট লেখিকা, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য ৰত্ন বঁটা, ড° অমৰজ্যোতি চৌধুৰীলৈ শিক্ষাৰত্ন বঁটা, লীলাকান্ত মহন্তক পিতৃৰত্ন বঁটা, বক্সাৰ লাভলীনাৰ মাতৃ মামণি বৰগোহাঁইলৈ মাতৃৰত্ন বঁটা, ড° পীতাম্বৰ দেৱগোস্বামীলৈ সত্ৰৰত্ন বঁটা, বিধায়ক পদ্ম হাজৰিকালৈ কৰ্মৰত্ন বঁটা, সাহিত্যিক কনকসেন ডেকালৈ সংবাদৰত্ন বঁটা, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণক সাংস্কৃতিক বঁটা, বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈক পৰিচালক ৰত্ন বঁটা, জ্যেষ্ঠ অভিনেত্রী বিদ্যা ৰাওক অভিনয় ৰত্ন বঁটা, জ্যেষ্ঠ সংগীত শিল্পী দ্বীপেন বৰুৱাক সংগীত ৰত্ন বঁটা, প্রকৃতিপ্ৰেমী যাদৱ পায়েংক প্রকৃতি ৰত্ন বঁটা, লায়ন্স ক্লাব, গুৱাহাটী কেয়াৰলৈ সমাজৰত্ন বঁটা, উমাকান্ত শৰ্মালৈ সংস্কৃত ভাষা ৰত্ন বঁটা, বিশিষ্ট অভিনেতা ভৱেশ বৰুৱালৈ মঞ্চৰত্ন বঁটা, মৰমী মেধিক নৃত্যৰত্ন বঁটা, ডাঃ হিমাদ্রী বৰঠাকুৰক জীৱনী সঞ্জীৱনী ৰত্ন বঁটা, প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক সংবাদ সূর্য বঁটা, অভিনেতা অতুল পাঁচনিলৈ হাস্যৰসিক ৰত্ন বঁটা, বিশিষ্ট অভিনেতা চম্পক শৰ্মালৈ অভিনয় মহাৰথী বঁটা, জনপ্রিয় অভিনেতা মৃদুল ভূঞালৈ মঞ্চসূর্য বঁটা, দিগন্ত ভাৰতীলৈ সংগীত সূৰ্য বঁটা, ডাঃ অলেখ্য বৰুৱালৈ অভিনয় শিৰোমণি বঁটা, দীনেশ দাসলৈ সাংস্কৃতিক সূর্য বঁটা, কন্যকা বহুমুখী কৃষি পামলৈ কৃষিৰত্ন বঁটা, পৰাগ দাসলৈ ক্ৰীড়াৰত্ন বঁটা, সীতা জখলালৈ ক্ষুদ্র উদ্যোগ বঁটা, দীপক বৰুৱা আৰু নীতিশ চন্দ্ৰ সৰকাৰলৈ বাণিজ্যিক সূর্য বঁটা, বিপুল ভূঞাক সমাজ সূৰ্য বঁটা আৰু সত্যনাৰায়ণ অধিকাৰীলৈ প্ৰশাসনিক আদৰ্শ বঁটা আগবঢ়াইছে।