গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডেক যৌন নির্যাতনৰ অপৰাধত নিলম্বন

pc Northeast Today

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডেক যৌন নির্যাতনৰ অপৰাধত নিলম্বন

অনলাইন বাৰ্ত্তাসেৱা – গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডেই দীর্ঘদিন ধৰি একাংশ ছাত্ৰীক ফেচবুক, হোৱাটছএপযোগে অশ্লীল মেছেজ দি যৌন নির্যাতন চলাই আহিছিল। অধ্যাপকগৰাকীৰ এনে কাণ্ড পোহৰলৈ অহাৰ পাছত বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই উপাচার্যক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে আৰু শিক্ষকগৰাকীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে তদন্তৰ ফলাফল নহালৈকে অমিত পাণ্ডেক নিলম্বন কৰাৰ দাবী তুলিছিল। আনকি স্নাতকোত্তৰ ছাত্ৰ সন্থাই নিজাববীয়াকৈ অধ্যাপক জনক বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছিল। সহকাৰী অধ্যাপকজনৰ যৌন নিৰ্যাতনৰ ঘটনাই বিশ্ববিদ্যালয়ত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা অনুশাসন কর্তৃপক্ষই জি ইউ/ৰেজিষ্টাৰ (এছ এফ)/২০২১/১২৯নং পত্রযোগে তৎকালে বলৱৎ হোৱাকৈ অমিত পাণ্ডেক নিলম্বন কৰে। ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় কর্তৃপক্ষই হিন্দী বিভাগৰ শিক্ষকজনক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল যদিও অধ্যাপক পাণ্ডেই ইয়াৰ কোনো উত্তৰ নিদিলে।