মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৌৰাহিত্যত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা নিলগত ধেমাজি জিলাত অনুষ্ঠিত হয় কেবিনেট বৈঠক

pc Facebook

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৌৰাহিত্যত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা নিলগত ধেমাজি জিলাত অনুষ্ঠিত হয় কেবিনেট বৈঠক

 অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৌৰাহিত্যত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা নিলগত ধেমাজি জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হৈছেঃ

১/ অ.বি.চি. শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠী সমূহৰ জাতিগত প্ৰমান পত্ৰ(Caste Certificate) সমূহ এতিয়াৰে পৰা অ.বি.চি. বোৰ্ডৰ পৰিবৰ্তে নিৰ্দিষ্ট জনগোষ্ঠীৰ বোৰ্ডে দিয়াৰ ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰে অংশ স্বৰূপে এতিয়াৰে পৰা মটক লোক সকলৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দায়িত্ব সদৌ অসম মটক সন্মিলনীৰ হাতত ন্যস্ত কৰা হয় আৰু এই প্ৰমাণপত্ৰত সংশ্লিষ্ট জিলাৰ উপায়ুক্তয়ে প্ৰতি স্বাক্ষৰ(countersignature) কৰিব।

২/ ধেমাজি জিলাৰ অন্তৰ্গত মূৰ্কংচেলেক-জোনাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত ভূমি সমূহ এতিয়াৰে পৰা ২০১১ চনৰ পূৰ্বৰে পৰা এই বেল্ট এণ্ড ব্লকত বসবাস কৰা টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোর্খা লোক সকলে মাটি বাৰীৰ কিনা বেচা কৰিব পাৰিব আৰু ঢকুৱাখনাৰ অন্তৰ্গত চাৰিকৰিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো এতিয়াৰে পৰা ট্ৰাইবেল বেল্ট আৰু ব্লক হিচাপে নাথাকিব।

ইয়াৰ লগতে এই কেবিনেটে স্থানীয় ৰাইজৰ সন্মতি ক্ৰমে ৮৯ খন ৰাজহগাঁও সন্নিবিষ্ট কৰি চিচি টঙণি ট্ৰাইবেল বেল্ট নামত নতুনকৈ এক ট্ৰাইবেল বেল্ট আৰু ব্লক গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৩/ অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হব লগা অসম চৰকাৰৰ পদক্ষেপ “মিছন বসুন্ধৰা”ৰ পৰিপ্ৰেক্ষিতত ৰাজহ বিভাগৰ কৰ্মচাৰী সকলক মিছন বসুন্ধৰা সম্পূৰ্ণ নোহোৱালৈকে আন কোনো কামত ব্যৱহাৰ নকৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৪/ ডিব্ৰুগড় আৰু শিলচৰ পৌৰ সভাক এতিয়াৰে পৰা পৌৰ নিগমলৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৫/ হিন্দুস্তান কাগজ নিগমৰ কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা আলোচনাৰমৰ্মে কৰ্মচাৰী সকলৰ বাবে নিৰ্ধাৰিত ৫৭০ কোটি টকাৰ সৈতে সৰ্বমুঠ ৭০০ কোটি টকা আজিৰ কেবিনেটে অনুমোদন দিয়ে।

৬/ মাইক্ৰ’ফাইনেন্সৰ লোণৰ কিস্তি নিয়মিত ভাৱে প্ৰদান কৰি অহা লোক সকলে পাব লগা ২৫০০০ টকালৈকে সাহাৰ্য্যৰ বাবে এই কেবিনেটে ১৮০০ কোটি টকাৰ অনুমোদন কৰা হয়। ইয়াৰ চেক সমূহ ১ ডিচেম্বৰ তাৰিখৰ পৰা ক্ৰমান্বয়ে প্ৰদান কৰা হব।

৭/ এই কেবিনেটত ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়ক অন্যান্য বিভাগৰ কাৰ্যালয় সমূহৰ সৈতে একেলগে সংঘৱদ্ধ উপায়ুক্ত কাৰ্য্যালয় হিচাপে স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ বাবে কেবিনেটে ৫০ কোটি টকাৰ অনুমোদন প্ৰদান কৰা হয়।

৮/ ধেমাজিত এখন উচ্চ মানদণ্ডৰ ষ্টেডিয়াম আৰু ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে এই কেবিনেটে ৫০ কোটি টকাৰ অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৯/ এই কেবিনেটত ধেমাজি আৰু মাজুলী সংযোগী মাথাউৰীৰ ওপৰেদি জোনাইৰ পৰা ধেমাজি, ঢকুৱাখনাহৈ মাজুলীলৈকে ৪টা সমষ্টিত সামৰি ৫ মিটাৰ ব্যাসৰ এক পকী পথ নির্মাণৰ বাবে ১৮৩ কোটি টকাৰ অনুমোদন দিয়ে। ইয়াৰে ধেমাজিৰ ১৫ কোটি, জোনাইত ৩৪ কোটি,মাজুলীত ২১ কোটি আৰু ঢকুৱাখনাত ১০৮ কোটি টকা ব্যয় কৰা হব।

১০/ ধেমাজি জিলা বান নিয়ন্ত্ৰণৰ বাবে কেবিনেটে ১৫০ কোটি টকা অনুমোদন দিয়ে।

১১/ ধেমাজি জিলাত অতি সোনকালে নিৰ্মান হব লগা চিকিৎসা মহাবিদ্যালয়ৰ বাবে অধিগ্ৰহণ কৰিব লগা প্ৰায় ১০০ বিঘা ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে কেবিনেটে অনুমোদন জনায়।

১২/ ইয়াৰ উপৰিয়ো এই কেবিনেট বৈঠকত গুৱাহাটীৰ জাৱৰ নিষ্কাসনৰ বাবে ভূমিৰ অবন্টন আদিকে ধৰি কেইটায়ো অন্যান্য সিদ্ধান্ত গ্ৰহণ কৰা হয়।