১ জুলাইত আহিব জাপানৰ প্রধানমন্ত্রী ছানায়ে টাকাইচি- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

১ জুলাইত আহিব জাপানৰ প্রধানমন্ত্রী ছানায়ে টাকাইচি- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ গুৱাহাটী ভ্রমণক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ অসম ভ্ৰমণৰ এই কাৰ্যসূচী যাতে সফল আৰু সৰ্বাংগসুন্দৰ ৰূপে সম্পন্ন হয়, তাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো তৎপৰতাৰে ৰাজ্য চৰকাৰৰ হৈ সকলো দিশ চোৱাচিতা কৰিছে। এই উদ্দেশ্যে দেওবাৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হৈ বিমানবন্দৰৰ নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেলৰ পৰিৱেশ- পৰিস্থিতি আৰু অন্যান্য নিৰাপত্তাজনিত ব্যৱস্থাসমূহৰ বুজ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। জাপানৰ প্ৰধানমন্ত্ৰীৰ সম্ভাব্য অসম ভ্রমণক লক্ষ্য কৰি বিমানবন্দৰৰ আন্তঃগাঁথনিৰ প্ৰস্তুতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ নির্মীয়মাণ নতুন টার্মিনেল ভৱন পৰিদৰ্শন কৰে। মুখ্যমন্ত্রীয়ে নতুন টার্মিনেলৰ নিৰ্মাণৰ অগ্রগতি, স্বাস্থ্যসেৱা ব্যৱস্থা, নিৰাপত্তা আৰু আধুনিক সুবিধাসমূহৰ বিস্তৃত পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীজনৰ লগত মুখ্য সচিব ড° ৰবি কোটা, মন্ত্ৰী বিমল বড়া, ডি জি পি হৰমিত সিং উপস্থিত থাকে। বিমান বন্দৰত অতিথি অৱতৰণ কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকক আপ্যায়ন কৰি নিৰ্দিষ্ট বাহনলৈ লৈ যোৱালৈকে সকলোখিনি মুখ্যমন্ত্রীজনে পুংখানুপুংখভাবে বুজ লয়। উল্লেখযোগ্য যে ১ জুলাইত তিনি দিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্রধানমন্ত্রী অসমলৈ আহিব। দুইগৰাকী প্রধানমন্ত্রী অসমত দ্বিপাক্ষিক আলোচনাত মিলিত হৈ দেশ দুখনৰ মাজৰ বিভিন্ন বৈদেশিক নীতি আৰু এক্ট ইষ্ট পলিচিক লৈয়ো আলোচনা হোৱাৰ সম্ভাৱনা আছে। বিশ্বৰ দুগৰাকীকৈ শীর্ষ নেতাক আদৰিবৰ বাবেই এতিয়া গুৱাহাটীত জোৰদাৰ ৰূপত আগবাঢ়িছে ‘মিছন পার্পল চিটি’।ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়লিলৈ সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমলৈ অহা সন্দর্ভত কয় যে অহা ১, ২, ৩ জুলাইৰ দিনকেইটা অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ১, ২, ৩ জুলাই অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ’বগৈ পাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত হয়তো আমি এগৰাকী অতিকৈ শক্তিশালী বিদেশী আলহীক আদৰিবলৈ সুযোগ পাম। চৰকাৰীভাৱে এই ঘোষণা হোৱা নাই, তথাপি আমি আশা কৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১, ২, ৩ জুলাইত গুৱাহাটী তথা অসম ভ্ৰমণ কৰিব আৰু এগৰাকী শক্তিশালী আলহী বা প্রভাৱশালী আলহী বা আন্তর্জাতিকভাৱে পৰিচিত আলহীয়ে অসম তথা গুৱাহাটী ভ্ৰমণ কৰিব। তাৰ বাবে গুৱাহাটীখন সুন্দৰকৈ সজাই-পৰাই তোলাৰ ব্যৱস্থা কৰিছোঁ। এনেধৰণৰ আলহী আদৰাৰ সুযোগ হয়তো এজন মানুহৰ জীৱনকালত এবাৰেই সম্ভৱ হয়। এনেধৰণে আমি যাতে আমাৰ আলহীক উপযুক্তভাৱে আদৰণি জনাব পাৰোঁ, তাৰ বাবে গুৱাহাটী মহানগৰীখনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে প্ৰচেষ্টা হাতত লৈছোঁ। গুৱাহাটী মহানগৰবাসীৰ প্ৰতি সহযোগিতাৰ সকলো আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উল্লিখিত দিনকেইটাত মহানগৰবাসীয়ে অতিথিপৰায়ণতাৰ সকলো উৎকৃষ্টতা প্রদান কৰিব পাৰোঁ তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যতাৰ কাৰণে কৰা এই প্ৰচেষ্টাত ৰাইজৰ ক’ৰবাত নহয় ক’ৰবাত ক্ষতি হ’লেও ইয়াক যেন ৰাইজে সহৃদয়তাৰে গ্ৰহণ কৰে।