ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনভাৰ লোৱা ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰথমেই মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি শেহতীয়া বিধানসভা নিৰ্বাচনত জনতাই প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে কয়, অসম বিধানসভাই সম নাগৰিক সংহিতা বা Uniform Civil Code (UCC) ত অনুমোদন জনোৱাটো চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লগতে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ । সামাজিক মাধ্যম ফেচবুকযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগা পূর্ণাংগ বাজেট গ্ৰহণ কৰাৰ পিছৰে পৰাই ৰাজ্যৰ হিতাধিকাৰীসকলে অৰুণোদয়, নিযুত মইনা, বাবু মইনা, জীৱন প্ৰেৰণা, অন্ন সুৰক্ষা যোজনা আদি আঁচনিৰ সুবিধাসমূহ লাভ কৰিব। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ৬ জুলাইৰ পৰাই অসম বিধানসভাৰ পূর্ণাংগ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব আৰু ৰাজ্য চৰকাৰে পূৰ্ণাংগ বাজেট গ্ৰহণ কৰিব। আইমাতৃ হিতাধিকাৰীসকলে যোৱা মাহটোত পূর্ণাংগ বাজেট গ্রহণ নোহোৱাৰ বাবে বিভিন্ন উন্নয়নমূলক কামত জড়িত হ’ব পৰা নাই। কাৰণ ৰাজ্য চৰকাৰৰ ভোট অৱ একাউণ্টছৰ বাজেটৰ বাবেই এনে কাম কৰিব পৰা হোৱা নাই। জুলাই মাহত পূৰ্ণাংগ বাজেট গ্ৰহণ কৰাৰ লগে লগে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা বা ২-৩ আগষ্টৰ পৰাই হিতাধিকাৰীসকলে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। হিতাধিকাৰীসকলে এই লৈ কোনোধৰণৰ চিন্তা কৰিব নালাগে। তাৰ উপৰি চেনি-দাইল-নিমখ আদিকে ধৰি সামগ্ৰী প্ৰদান কৰা আঁচনি অন্ন সুৰক্ষা যোজনাও অহা আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব। হিতাধিকাৰীসকললৈ আশাৰ বতৰা দি মুখ্যমন্ত্ৰীগৰাকীয়ে অন্ন সুৰক্ষা যোজনা নতুন ৰূপত হিতাধিকাৰীসকলে লাভ কৰিব বুলি উল্লেখ কৰি আগন্তুক পূর্ণাংগ বাজেটত হিতাধিকাৰীসকলে ইয়াৰ বিষয়ে সবিশেষ গম পাব বুলি স্পষ্ট কৰে। তেওঁ কয় যে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা এই গোটেই আঁচনিসমূহ আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব। এই সমগ্ৰ আঁচনি আগষ্ট মাহৰ পৰা হিতাধিকাৰীসকলে নিৰৱচ্ছিন্নভাৱে পাই থাকিব। অসমৰ বিকাশ আৰু উন্নয়নৰ নতুন ধাৰাৰ সূচনা কৰা কেতবোৰ আঁচনি আৰু যোজনাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰী কৰে। নতুন চৰকাৰখনে অসমৰ বাবে বহুকেইটা বৃহৎ বৃহৎ প্রকল্প আৰু আঁচনি লৈ ৰাজ্যবাসীৰ আশা পূৰণৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্রকল্পসমূহৰ ভিতৰত ইতিমধ্যে গুৱাহাটী বিং ৰোডৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে। কাজিৰঙা এলিভেটেড কৰিড’ৰৰ নিবিদাৰ কামো ইতিমধ্যে আৰম্ভ হৈছে। অহা এমাহৰ ভিতৰত নুমলীগড়-গহপুৰৰ মাজৰ সুৰংগ পথ অহা জুলাই মাহৰ ভিতৰতে প্রায় ১৮ হাজাৰ কোটি টকাৰে নিবিদা প্ৰক্ৰিয়াৰ কাম আৰম্ভ হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনি সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে তেওঁ নতুন দিল্লীত থকা সময়ছোৱাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক সাক্ষাৎ কৰিছিল। সেই সাক্ষাতৰ সময়ছোৱাত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই অসমৰ বাবে তিনিখন আঁচনি তৎপৰতাৰে অনুমোদন দিয়াৰ প্রতিশ্রুতি দিছে। ইয়াৰ প্ৰথমখন আঁচনি হ’ল- বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ চাৰিলেনযুক্ত পথ নির্মাণ। এই দাবী দৰং-বাইহাটা চাৰিআলিবাসী ৰাইজৰ দাবী আছিল। ইয়াৰ ফলত তেজপুৰৰ দিশৰ পৰা ই বাইহাটা চাৰিআলিত পোনে পোনে বিং ৰোডত লগ লাগিব। দ্বিতীয়খন নতুন আঁচনি অনুসৰি গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গড়ল-ধাৰাপুৰ-গুৱাহাটী বিশ্ববিদ্যালয় এই ১০-১২ কিলোমিটাৰ পথত এটা এলিভেটেড কৰিড’ৰ বা এখন উৰণ সেতু নির্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ মাত্র ৭-৮ মিনিটত দূৰত্ব অতিক্ৰম কৰিব পৰা যাব। এই আঁচনিখনো অহা কেইমাহমানৰ ভিতৰতে অনুমোদন কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে অৱগত কৰিছে। তৃতীয়তে, শিলিগুৰিৰ পৰা শিলচৰলৈকে এটা এক্সপ্রেছ হাইরে’ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে প্রথম পর্যায়ত শিলচৰৰ পৰা বৰাপানীলৈ ২৫ হাজাৰ কোটি টকাৰ এখন আঁচনিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত আধাৰশিলা স্থাপন কৰিছে। এতিয়া দ্বিতীয় পৰ্যায়ত বৰাপানীৰ পৰা গুৱাহাটীলৈ থকা পথৰ অনুমোদন হ’ব। তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুর্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক সংযোগ কৰা হ’ব। এই আঁচনিখন অহা ৫ বছৰীয়া কাৰ্যকালত সমাপ্ত কৰাৰ আশা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমত চলি থকা আন কেইবাটাও অভিলাষী প্রকল্প তথা আঁচনিৰ কথা সামাজিক মাধ্যমত সদৰী কৰে। সেই অনুসৰি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্রেছ হাইৱে’ নিৰ্মাণৰ প্ৰচেষ্টা চলি আছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ উপৰি ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড়ৰ উন্নয়নৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেবিনেটে ৫০০ কোটি টকাৰ অনুমোদন দিছে। ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজধানী উন্নয়ন প্ৰাধিকৰণৰ দায়িত্ব দি ইয়াক চোৱাচিতা কৰিবৰ বাবে আৰু ডিব্ৰুগড়খনক নতুনকৈ পুনঃনিৰ্মাণৰ কাৰণে দায়িত্ব দিয়া হৈছে। তাৰ উপৰি শিলচৰত এটা নতুন বিমানবন্দৰ নিৰ্মাণৰ অনুমোদনৰ চেষ্টা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ৰূপসী বিমানবন্দৰত এটা ডাঙৰ ল’জিষ্টিক হাব নিৰ্মাণ কৰাৰ কথা চিন্তা কৰা হৈছে বুলি সদৰী কৰে। ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অসমৰ উন্নয়নৰ কাৰণে নিৰ্বাচনৰ সময়ত আমি বহু উন্নয়নমূলক কামৰ প্রতিশ্রুতি দিছিলোঁ। তাৰ ভিতৰত প্ৰতিখন জিলাতে বিশ্ববিদ্যালয়, মেডিকেল কলেজ, অভিযান্ত্রিক কলেজ নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিলোঁ। এই প্রচেষ্টাৰ অংশ হিচাপে প্রতিখন জিলাতে বিশ্ববিদ্যালয়, মেডিকেল কলেজ, অভিযান্ত্রিক কলেজ স্থাপন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু আমি ইতিমধ্যে ইয়াৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালী আৰু গোৱালপাৰাত নতুনকৈ চাৰিখন মেডিকেল কলেজ বিভিন্ন পর্যায়ত নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সদৰী কৰে যে অনাগত ৫ বছৰত অসমখন সর্বাংগসুন্দৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰ দায়বদ্ধ। ইয়াৰ অংশ হিচাপে বহু দিন বন্ধ হৈ থকা কামাখ্যা কৰিড’ৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। নিৰ্বাচনৰ সময়ত প্রতিশ্রুতি দিয়া হৈছিল যে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে ২ লাখ চাকৰি প্ৰদান কৰা হ’ব। পূর্বে আমি ১ লাখ নিবনুৱাক নিযুক্তি প্রদান কৰিলোঁ। এতিয়া ২ লাখ চাকৰি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে বিভাগসমূহত খালী হৈ থকা পদৰ লগতে নতুনকৈ পদ সৃষ্টি কৰিব পাৰি নেকি এই বিষয়বোৰ চিন্তা-চৰ্চা কৰি আগবাঢ়িছোঁ। নিৰ্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি আমাৰ বাবে কেৱল নির্বাচনী প্রতিশ্রুতি নহয়, ই অসমখনক উন্নয়নৰ মন্ত্ৰৰে বিকাশৰ পথলৈ লৈ যোৱাৰ আমাৰ পৱিত্ৰ কৰ্তব্য আৰু দায়িত্ব। অসমৰ সংস্কৃতি, অসমৰ পৰিচয়- এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়। অসমৰ পৰিচয়, অসমৰ সংস্কৃতি, অসমৰ ভূমি ৰক্ষণাবেক্ষণ এই গোটেই সিদ্ধান্ত বা আদৰ্শ ৰাজনীতি বা নিৰ্বাচনৰ সময়ত হোৱা আদর্শ নহয়, ই আমাৰ এক কর্মযজ্ঞ। অসমত মূল্য বৃদ্ধিৰ প্ৰসংগটো মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকযোগে প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয় যে পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে বিশ্বজুৰি ইন্ধনজাত সামগ্ৰীৰ সংকট হৈছে আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰত আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। যুদ্ধ পৰিস্থিতিৰ অন্ত পৰিলেই ৰাজ্যত পেট্ৰ’ল- ডিজেলৰ মূল্য হ্রাস পাব বুলি আশা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।