শীঘ্রে সম্পন্ন হ’ব শিক্ষকৰ বদলিকৰণ:শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

শীঘ্রে সম্পন্ন হ’ব শিক্ষকৰ বদলিকৰণ:শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত শীঘ্ৰে সম্পন্ন হ’ব শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া। শিক্ষকৰ বদলিকৰণ প্রক্রিয়াক লৈ বিশেষ মন্তব্য আগবঢ়াইছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। চলিত মাহতে বিভাগে বৈঠকযোগে শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়াক লৈ এক বৃহৎ সিদ্ধান্ত গ্রহণ কৰিব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্রী ডাঃ পেগুৱে। তেওঁ কয় যে এইকেইদিনতে এক বৈঠকযোগে বদলিকৰণক লৈ এটা সিদ্ধান্ত গ্রহণ কৰিম। পূৰ্বতে গুৱাহাটীলৈ নহাকৈয়ে যিদৰে ৪০ হাজাৰ শিক্ষকৰ বদলিৰ স্ক্ৰটিনী প্রক্রিয়া সম্পূৰ্ণ কৰি বদলিকৰণ সম্ভৱপৰ কৰি তোলা হৈছিল, সেইমতে এইবাৰো ব্যৱস্থা লোৱা হ’ব। ইতিমধ্যে প’ৰ্টেলৰ জৰিয়তে আবেদন কৰা শিক্ষকসকলৰ আবেদনখিনি বিভাগে পৰীক্ষা কৰিব। তেওঁলোকে দিয়া তথ্যখিনি সত্য নে অসত্য অথবা আইনমতে বদলিকৰণৰ বাবে তেওঁলোকৰ যোগ্যতা আছে নে নাই, এই সকলো দিশ চালিজাৰি চোৱাৰ পাছতে নির্দেশনা প্রকাশ হ’ব। যদিহে মিছা অজুহাত বা তথ্য পোৱা যায়, তেন্তে বদলিকৰণ প্ৰক্ৰিয়া পুনৰ পলম হ’ব পাৰে। অৱশ্যে বদলিকৰণত শিক্ষা বিভাগে অনুমোদন জনোৱা আৰু প্ৰশাসনে মুকলি কৰি দিয়া এই দুয়োটা পৃথক বিষয় বুলি মন্তব্য কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে শিক্ষা বিভাগে বদলিকৰণত অনুমোদন জনোৱাৰ পাছতো বহু সময়ত স্থানীয়ভাৱে প্রশাসনে তেওঁলোকক দায়িত্বৰ পৰা মুকলি কৰি নিদিবও পাৰে। সেয়া জিলা প্রশাসন তথা স্থানীয় শিক্ষা বিভাগৰ নিজস্ব বিষয়। বহু এনে শিক্ষক এতিয়াও আছে যিসকলক বদলি কৰাৰ পাছতো জিলা প্রশাসনে এবছৰ পৰ্যন্ত দায়িত্বৰ পৰা অব্যাহতি নিদিয়াৰ বাবে আজিও একেখন ঠাইতে সেৱা আগবঢ়াবলগীয়া হৈছে। অৱশ্যে সকলো বিষয় ভালদৰে তদাৰক কৰি শীঘ্ৰে বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে লগতে কয়।