১২ মে’ত যান-বাহন চলাচলক লৈ কঠোৰ মহানগৰ প্ৰশাসন
ৰঙিলী বাৰ্ত্তাসেৱা- ১২ মে’ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ৷ নির্বাচনী ফলাফলত বিজেপিৰ মিত্রজোঁটে অভূতপূর্ব জনসমর্থন লাভ কৰাৰ পিছত নৱগঠিত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে জিলা প্রশাসন তথা বিজেপি দলে প্রস্তুতি চলাইছে। । খানাপাৰাত ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া ড° শর্মা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি শপতগ্ৰহণ অনুষ্ঠানত দেশৰ ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য ভিভিআইপিসহ দেশৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক লোকে অংশগ্ৰহণ কৰিব। সমান্তৰালকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসন সাজু হৈ উঠিছে ৷ বিশেষকৈ ১২ মে’ৰ বাবে যানবাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলাৰ যানবাহন শাখাই ৷ এই সন্দৰ্ভত শনিবাৰে আয়ুক্ত কার্যালয়ত আয়ুক্ত স্বপনীল পাল আৰু যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথিয়ে এই নতুন পথ নির্দেশনা জাৰি কৰে।সংবাদমেল সম্বোধন কৰি ডিচিপি জয়ন্ত সাৰথি বৰাই কয়, ” শপতগ্ৰহণ অনুষ্ঠানত এক লাখ জনসমাগম হ’ব । বিভিন্ন স্থানৰ পৰা শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লোকসকল আহিব। সেয়েহে সেই দিনটোত যানবাহন চলাচলৰ ক্ষেত্ৰত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে ।” তেওঁ কয়,২৭নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ কইনাধৰাৰ পৰা ভূপেন হাজৰিকা ক্ষেত্ৰলৈ আৰু ভূপেন হাজৰিকা ক্ষেত্ৰৰ পৰা আজাৰালৈ এই পথছোৱাত গধুৰ বাহন, মালবাহী ট্ৰাক, ডাম্পাৰ লগতে ধীৰ গতিৰ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । সেই দিনটোত পৰাপক্ষত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এৰাই চলি জিএছ ৰোডটো ব্যৱহাৰ কৰিব ৰাইজে ৷ বিমানবন্দৰলৈ যাবলগীয়া যাত্ৰীসকলে হাতত দুঘণ্টা অধিক সময় লৈ ঘৰৰ পৰা উলাব ৷ তেওঁ লগতে কয়, কইনাধৰা পইন্টৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (এইচি) পইণ্টলৈ যিটো চাৰিলেনযুক্ত পথৰ কইনা ধৰাৰ পৰা সোঁফালৰ লেনটোৰে বাহন চলাচল কৰিবলৈ দিয়া হ’ব।আনহাতে বাওঁফালৰ লেনটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব । সেইটো পথ বিশেষ পথ হিচাপে ৰখা হ’ব । ন-পাৰ্কিঙৰ সন্দৰ্ভত তেওঁ কয়,২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ লেনত কোনো যানবাহন পাৰ্কিং কৰিব নোৱাৰিব । আনহাতে বতাহঘুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰাৰ ৰাস্তাৰ কাষত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব । পাৰ্কিঙৰ সন্দৰ্ভত তেওঁ কয়,”বশিষ্ঠ পথ, সৰুসজাই ষ্টেডিয়াম, এজিচি এল পাৰ্কিং, শ্বহীদ ন্যাস পথ আদিত অনুষ্ঠানলৈ অহা বাহনসমূহৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হ’ব ।
