ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এইমছ গুৱাহাটীৰ অধ্যক্ষ ড০ ভূপেন্দ্ৰ কুমাৰ সিং সঞ্জয়ৰ বক্তৃতা প্ৰদান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহযোগত বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সভাকক্ষত এক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হয় ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য , প্ৰাধ্যাপক ড০ জিতেন হাজৰিকাই উদ্বোধন কৰা বক্তৃতানুষ্ঠানত মূল বিষয়ৰ বক্তৃতা প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক,এইমছ গুৱাহাটীৰ অধ্যক্ষ পদ্মশ্ৰী ড০ ভূপেন্দ্ৰ কুমাৰ সিং সঞ্জয়ে৷ ‘শৃংখলাবদ্ধতা,নৈতিকতা আৰু শ্ৰেষ্ঠতা: এজন শল্য চিকিৎসকৰ জীৱনৰ শিক্ষা’ -শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিভিন্ন দূৰ্ঘটনাৰ কাৰণ,প্ৰতিৰোধ আৰু সজাগতাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এক সৰস আলোচনা আগবঢ়ায়৷ জীৱনৰ উৎকৰ্ষ সাধনত ব্যক্তিগত সাধনা আৰু সহযোগিতাৰ আৱশ্যকতাৰ কথাও বিশিষ্ট চিকিৎসক গৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে৷ নিজৰ জীৱন আৰু অভিজ্ঞতাৰ আধাৰত প্ৰদান কৰা মনোগ্ৰাহী বক্তৃতাটিয়ে উপস্থিত সকলোকে মুগ্ধ কৰে৷ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড০ পল্লৱী ডেকা বুজৰবৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা বক্তৃতানুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সঞ্চালক ড০ অংকুৰ ভৰালীয়ে৷অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালকে ধৰি বিভিন্ন বিভাগৰ ভালে সংখ্যক অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷
