হৰ ঘৰ তিৰংগা কাৰ্যসূচীক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ 

Pc Wikiwand

হৰ ঘৰ তিৰংগা কাৰ্যসূচীক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ 

ৰাজ্যত প্রায় ১৬.০৭ কোটি টকাৰ জাতীয় পতাকা বিক্রী 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষ উপলক্ষে দেশজুৰি উদযাপন হ’বলগীয়া ‘হৰ ঘৰ তিৰংগাঅথাৎ ঘৰে ঘৰে জাতীয় পতাকা’ কার্যসূচীৰ অংশস্বৰূপে অসমত আজিপর্যন্ত ১৬.০৭ কোটি টকা মূল্যৰ জাতীয় পতাকা বিক্ৰী হৈছে। 

উল্লেখ্য যে ‘ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ অংশস্বৰূপে ৰাজ্যখনত অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনৰ অধীনস্থ আত্মসহায়ক গােটসমূহে আজিলৈকে মুঠ ৩৫,৯৫,১৬৭ খন জাতীয় পতাকা প্রস্তুত কৰি উলিয়াইছে। এই ৩৫,৯৫,১৬৭ জাতীয় পতাকাৰ ভিতৰত ৩২,৫৮,১৩৪ খন জাতীয় পতাকা ইতিমধ্যে বিক্ৰী হৈছে আৰু ইয়াৰ পৰা মুঠ ১২.৪৭ কোটি টকা আয় হৈছে।। 

উল্লেখ্য যে দেশজুৰি ৰূপায়ন হবলগীয়া এই ঘৰে ঘৰে জাতীয় পতাকাকার্যসূচীৰ অংশস্বৰূপে ৭২২ টা ক্লাষ্টাৰ লেভেল ফেডাৰেচনৰ অন্তৰ্গত আত্মসহায়ক গােটৰ ২৩,০০০ গৰাকী সদস্য এই জাতীয় পতাকা প্রস্তুত প্রক্রিয়াত জড়িত হৈ আছে। এই পতাকাসমূহ বিক্ৰী কৰাৰ বাবে ৰাজ্যজুৰি আত্মসহায়ক গােটৰ । মুঠ ১৯,১১০ টা বিক্রী কেন্দ্র স্থাপন কৰা হৈছে। 

অন্যহাতে আত্মসহায়ক গােটসমূহে স্থানীয়ভাৱে প্রস্তুত কৰি উলিওৱা জাতীয় পতাকাৰ বাহিৰেও ৰাজ্য চৰকাৰে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ক আন ৫০ লাখ জাতীয় পতাকা বিচাৰি আবেদন জনাইছিল। ইয়াৰে ৩৯.২৬ লাখ জাতীয় পতাকা অসম পাইছেহি। এই জাতীয় পতাকাসমূহ ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ ৩৪,০০০ খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক সুলভ মূল্যত বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এনেদৰে প্ৰতিখন পতাকা ১৮ টকা দৰত উপলব্ধ কৰা হৈছে আৰু আজিপর্যন্ত প্রায় ২০ লাখ জাতীয় পতাকা (৩.৬০ কোটি মূল্যৰ) বিক্ৰী হৈছে।। 

উল্লেখ্য যে আজাদী কা অমৃত মহােৎসৱৰ অংশস্বৰূপে দেশবাসীক দেশপ্রেমৰ ভাৱেৰে অধিক উদ্বুদ্ধ কৰি তােলা আৰু দেশবাসীৰ মনত জাতীয় পতাকাৰ সম্পর্কে সজাগতা বৃদ্ধিৰ উপলক্ষে হৰ ঘৰ তিৰংগা’ কার্যসূচী হাতত লােৱা হৈছে। এই কার্যসূচীৰ অধীনত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰতিটো বাসগৃহ, কার্যালয়, ব্যৱসায়িক প্রতিষ্ঠান জাতীয় পতাকা উত্তোলন বা প্রদর্শন কৰিবলৈ চৰকাৰে সকলােৰে প্রতি আহ্বান জনাইছে। এই তিনিদিনীয়া কাৰ্যসূচীৰ অধীনত অসমত প্রায় ৮০ লাখ জাতীয় পতাকা উত্তোলন বা প্রদর্শন হ’ব বুলি আশা কৰা হৈছে।