নগাঁৱৰ টুকটুকীত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা

নগাঁৱৰ টুকটুকীত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা

আদিলুৰ ৰহমান, টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাত দীৰ্ঘদিনৰে পৰা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও আৰক্ষীৰ চকুত ধূলি দি অসাধু চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ গোপন বেহা ৷ ইয়াৰ মাজতে জিলাখনৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন টুকটুকীত আজি বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী মহিলা আৰক্ষীৰ জালত পৰা ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, টুকটুকীৰ ছাদ্দাম হুছেইন নামৰ লোকজনৰ ঘৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি থকাৰ কথা গোপন সূত্ৰে জানিব পাৰি আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুধুৰাম দাসৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই ৷ এই অভিযানত লোকজনৰ ঘৰৰ পৰা ড্ৰাগছভৰ্তি দুটা চাধাৰ টেমা আৰু পোন্ধৰটা কন্টেইনাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ৩.০২ গ্ৰাম ৷ এই অভিযানৰ উমান পাই ছাদ্দাম হুছেইনে পলায়ণ কৰে যদিও তেওঁৰ পত্নী এলবিনা বেগম ওৰফে ৰেবিজা বেগমক আৰক্ষীয়ে আটক কৰে ৷ উল্লেখ্য, ধৃত মহিলাগৰাকীৰ বিৰুদ্ধে পূৰ্বতেও আছিল ৰাজহুৱা অভিযোগ। আনকি আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাইছিল যদিও অভিযানত সফল হব পৰা নাছিল । বৰ্তমান আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে ।