শ্ৰম আৰু কল্যাণ বিভাগৰ বিভাগীয় বিষয়াসকলৰ সৈতে শ্রম মন্ত্রী পর্যালােচনা সভা 

শ্ৰম আৰু কল্যাণ বিভাগৰ বিভাগীয় বিষয়াসকলৰ সৈতে শ্রম মন্ত্রী পর্যালােচনা সভা 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-   শ্ৰম আৰু কল্যাণ বিভাগৰ জিলা পর্যায়ৰ বিষয়াসকলৰ উপস্থিতিত বিভাগীয় বিভিন্ন আঁচনিৰ অগ্রগতি আৰু ৰূপায়ণ সম্পর্কত এখন পর্যালােচনা সভা আজি অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। শ্ৰম আৰু কল্যাণ দপ্তৰৰ মন্ত্রী সঞ্জয় কিষাণৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত প্রতিখন জিলাতৰূপায়ণ হৈ থকা বিভিন্ন বিভাগীয় আঁচনিসমূহৰ খৰতকীয়া কাৰ্যকৰীকৰণৰ লগতে বিভিন্ন অভাৱ অভিযােগসমূহৰ ওপৰত্রে বিস্তৃতভাৱে আলােচনা কৰা হয়। ইয়াৰােপৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ প্ৰতিখন জিলাত আজাদী কে অমৃত মহােৎসৱৰ লগত সংগতি ৰাখি উদ্যাপন কৰিবলৈ লােৱাহৰ ঘৰ তিৰংগা’কার্যসূচীক সাফল্যমণ্ডিত কৰিবলৈ সকলােকে আহ্বান জনায়। পর্যালােচনা সভাত শ্ৰম আৰু কল্যাণ বিভাগৰ প্রধান সচিব, সচিব প্রমুখ্যে উচ্চস্তৰৰ বিষয়াসকলাে উপস্থিত থাকে