হেঁপাহৰ ৰঙালী
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
বসন্তৰ আগমনে যেতিয়া প্ৰকৃতিৰ বুকুত নতুনত্বৰ জোৱাৰ তোলে, তেতিয়াই অসমীয়া মানুহৰ মন-প্ৰাণো বিহুৰ আনন্দত মতলীয়া হৈ পৰে।অসমীয়া জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ আৰু কৃষি সংস্কৃতিৰ লগত জড়িত ৰঙালী বিহু।এই বিহু অসমীয়া জাতিৰ স্বাভিমান, কৃষ্টি আৰু ঐক্যৰ এক অনন্য নিদৰ্শন। চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা এই ব’হাগ বিহুৱে অসমীয়া সমাজখনক একতাৰ এনাজৰীৰে বান্ধি ৰাখে আৰু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰে।
প্ৰকৃতিৰ সৈতে ৰঙালী বিহুৰ সম্পৰ্ক অতি গভীৰ। শীতৰ জড়তা আঁতৰাই গছত নতুন কুঁহিপাত ওলোৱা, কুলিৰ মিঠা মাতত আকাশ-বতাহ কঁপি উঠা আৰু কপৌ ফুল বিহুৱতীৰ খোপাত সৌন্দৰ্য বঢ়াই।এই সময়ছোৱাত সমগ্ৰ পৰিৱেশেই এক উৎসৱমুখৰ ৰূপ ধাৰণ কৰে। অসমীয়া গ্ৰাম্য সমাজত বিহুৰ প্ৰস্তুতি বহু আগৰ পৰাই আৰম্ভ হয়। তাঁতশালত বিহুৱান বা গামোচা বোৱা , ঢেঁকীৰ গুমগুমনিৰে পিঠা-পনা প্ৰস্তুত কৰা আৰু ডেকাসকলে ঢোল-পেঁপালৈ বিহুৰ বাবে সাজু হোৱা দৃশ্যই প্ৰতিজন অসমীয়াৰ হৃদয়ত এক শিহৰণ তোলে।
ৰঙালী বিহুৰ সাতদিনক ‘সাত বিহু’ বুলি জনা যায় আৰু প্ৰতিটো দিনৰে এক সুকীয়া তাৎপৰ্য আছে। গৰু বিহুৰ দিনা কৃষিজীৱী সমাজখনে তেওঁলোকৰ প্ৰধান সহায়ক গৰু-ম’হবোৰক নদী বা পুখুৰীলৈ নি মাহ-হালধীৰে গা ধুৱাই নতুন পঘাৰে বান্ধে। ‘লাও খা বেঙেনা খা’ বুলি গৰুক আশীৰ্বাদ দিয়ে। ইয়াৰ পাছদিনা মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি জেষ্ঠজনক সেৱা কৰে আৰু বিহুৱান দি আশীৰ্বাদ লয়। আত্মীয়-স্বজনৰ মাজত হোৱা এই আন্তৰিকতাই সমাজত ভাতৃত্ববোধ বৃদ্ধি কৰে। ইয়াৰ উপৰিও গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু এই সকলোবোৰ মিলি বিহুক পূৰ্ণ কৰে।
বিহুৰ প্ৰধান আকৰ্ষণ হ’ল বিহু নাচ আৰু বিহু গীত। ঢোলৰ চাপত, পেঁপাৰ লহৰত আৰু গগণাৰ সুৰত ডেকা-গাভৰুৰ বিহু নাচ সঁচাই আকৰ্ষণীয়। মুকলি পথাৰত বা গছৰ তলত বিহু মৰাটো এক প্ৰাচীন পৰম্পৰা। আনহাতে হুঁচৰি দলবোৰে ঘৰে ঘৰে গৈ গৃহস্থক কুশল কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে। বিহু গীতৰ পদবোৰত প্ৰেমৰ কথাৰ ল
গতে অসমীয়া সমাজৰ কৃষি প্ৰণালী, ঐতিহাসিক ঘটনা আৰু মানুহৰ দৈনন্দিন জীৱনৰ সংগ্ৰামৰ কথাও প্ৰতিফলিত হয়। বিহুৱে অসমীয়াক অসমীয়াৰ অস্তিত্বৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু থলুৱা বাদ্যযন্ত্ৰসমূহৰ গুৰুত্ব সোঁৱৰাই দিয়ে।
বৰ্তমান সময়ত বিহুৱে গোলকীকৰণৰ যুগত মঞ্চত স্থান পাইছে। চহৰীয়া জীৱনত বিহু সন্মিলনবোৰে অসমীয়া কৃষ্টি-সংস্কৃতিক ধৰি ৰখাত বিশেষ ভূমিকা পালন কৰাও পৰিলক্ষিত হয়। সমাজ এখন যিমানেই আধুনিক নহওঁক কিয়, ব’হাগ বিহুৰ মাদকতা এতিয়াও প্ৰতিজন অসমীয়াৰ ৰক্তত প্ৰবাহিত হৈ আছে। ৰঙালী বিহুৱে আমাক শিকায় কেনেকৈ বিভেদৰ মাজতো ঐক্য বিচাৰি পাব পাৰি আৰু কেনেকৈ প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ নিজৰ সংস্কৃতিৰ গৌৰৱ ৰক্ষা কৰিব পাৰি। এই বিহুৱেই অসমীয়াৰ পৰিচয় আৰু চিৰকাল ই আমাৰ মাজত জীয়াই থাকিব।
সকলোকে হেঁপাহৰ ৰঙালী বিহুৰ ওলগ যাচিলোঁ। নতুন বছৰৰ নতুন দিনবোৰ প্ৰতিজন অসমীয়াৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক।
