সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি ফাষ্টট্ৰেক আদালতত চলি আছে ।ফাষ্টট্রেক আদালতে আজি এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে । ফাষ্টট্রেক আদালতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাই ব্যৱহাৰ কৰা একাংশ ব্যক্তিৰ বেংক একাউন্ট জব্দ কৰাৰ নিৰ্দেশ প্রদান কৰিছে। আদালতৰ এই নির্দেশৰ পিছতে তদন্ত প্রক্রিয়াত নতুন দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা দেখা দিছে। তদন্তকাৰী সংস্থাই অভিযোগ অনুসৰি সিদ্ধার্থ শৰ্মাৰ সৈতে জড়িত কিছুমান ব্যক্তিৰ বেংক একাউন্ট ব্যৱহাৰৰ সন্দেহ প্রকাশ কৰিছিল।আনহাতে সিদ্ধার্থ শৰ্মা মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ প্ৰতিষ্ঠানটিও জব্দৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে। উল্লেখযোগ্য যে, আদালতৰ এই ৰায়দানক তদন্ত প্ৰক্ৰিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
