কলিতে মৰহি যোৱা এটি সপোন – ৰিমি হাজৰিকা

pc The Bird Feed

কলিতে মৰহি যোৱা এটি সপোন

 ৰিমি হাজৰিকা,মাজুলী

উচ্চ শিক্ষাৰ বাবে আগ্ৰহী মায়াই তাইৰ যেন আজি সপোনৰ বৃন্দাবনত ভৰি থৈছে; কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি তাইৰ প্ৰথম দিন। বুকুত অজস্ৰ আশা লৈ তাই উপনীত হৈছিল সপোনৰ কাৰেঙৰ, কাৰণ তাইৰ লক্ষ্য, তাইৰ আশা অধ্যাপিকা হোৱাৰ। কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰথম দিনাই শেষ হৈ গৈছিল , তাইৰ আশা, তাইৰ কল্পনা। বিশ্ববিদ্যালয়ৰ ছিনিয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ আতিশায্য এক অৰ্থত ‘ৰেগিংʼ ৰ নামত হোৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি, আত্মহত্যা কৰে মায়াই।  মাক – দেউতাকৰ সকলো আশা,ভৰষা মাটিত মিহলাই গুছি গৈছিল এক অজ্ঞাত পৃথিৱীৰ বাসিন্দা হৈ।  এনেকৈয়ে কলিতে মৰহি গৈছিল মায়াৰ অধ্যাপিকা হোৱাৰ সপোন।